ফেন্সিং প্ৰশিক্ষণ শিৱিৰ আৰম্ভ।

আজিৰ খবৰ, গুৱাহাটী, ২২ অক্টোবৰঃ অসম ফেন্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত শুকুৰবাৰৰ পৰা পঞ্চম অসম ৰাজ্যিক ফেন্সিং প্ৰশিক্ষণ শিৱিৰ আনম্ভ হৈছে। ২৯ অক্টোবৰলৈ চলিবলগীয়া শিৱিৰটো উদ্বোধন কৰে অসম ফেন্সিং সন্থাৰ উপ সভাপতি পঙ্কজ লোচন দেৱ মহন্ত আৰু অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিচাই। উদ্বোধনী অনুষ্ঠানত অসম ফেন্সিং সন্থাৰ সম্পাদক বিপুল শৰ্মা, কোষাধ্যক্ষ অংশুমান দত্ত, ৰাউণ্ড টেবল ইণ্ডিয়াৰ বৈভৱ জালান আৰু ভেনাছ আগৰৱাল, লুহিত এন ৯৫ মাস্কৰ স্বত্বাধিকাৰী পঙ্কজ আগৰৱাল, আউটৰিচৰ স্বত্বাধিকাৰী সুমীত জৈন আৰু বিশিষ্ট ব্যৱসায়ী মহিন্দ্ৰ বোথ্ৰাৰ লগতে অসম ফেন্সিং সন্থা আৰু জিলা ফেন্সিং সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য, শিৱিৰটোত অসমৰ বিভিন্ন জিলাৰ ১১৫জন (ল’ৰা ৬২ আৰু ছোৱালী ৫৩) খেলুৱৈয়ে যোগদান কৰিছে। শিৱিৰটোত প্ৰশিক্ষণ প্ৰদান কৰিছে মণিপুৰৰ দুই প্ৰশিক্ষক ৰঞ্জিত সিং আৰু এটম চাওলিন মেইতে, অসম ফেন্সিং সন্থাৰ দুই প্ৰশিক্ষক বিশ্বজিত মেইতে আৰু মাণিক বড়ো আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষক ৰৌছন মেইতেয়ে। উল্লেখ্য, প্ৰশিক্ষণ শিৱিৰটোৰ পাছতে ৩০-৩১ অক্টোবৰত ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰ ৰাজ্যিক ফেন্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে অসম দল বাছনি কৰা হ’ব।

 

Comments (0)
Add Comment