৩৮ গৰাকী ব্যক্তি-সংগঠনক ২০২১ বৰ্ষৰ ‘সাহসী বঁটা’ প্ৰদান।

ভিডিঅ' সাংবাদিক সহ কেইবাগৰাকীও ব্যক্তিক বিশেষ সম্বৰ্ধনা।

আজিৰ খবৰ, গুৱাহাটী, ২৪ অক্টোবৰ : অগ্ৰণী মহিলা সংগঠন ‘সাহসী’য়ে ৰাজ্যৰ মুঠ ৩৮ গৰাকী ব্যক্তি তথা বেচৰকাৰী সংগঠনক ২০২১ বৰ্ষৰ ‘সাহসী বঁটা’ প্ৰদান কৰে । দেওবাৰে গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয়ৰ জয়ন্ত কুমাৰ বৰুৱা- লখিমী বৰুৱা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী , জ্যেষ্ঠ আৰক্ষী বিষয়া মুকুল শইকীয়া, ডি এ নিউজ প্লাছৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ,বিশিষ্ট অভিনেত্ৰী চেতনা দাস আৰু সাহসী’ৰ সভানেত্ৰী তৃষ্ণা নাথে বঁটা প্ৰদান কৰে । এইবাৰৰ সাহসী বঁটা প্ৰদান কৰা হয় ক্ৰমে আৰক্ষী বিষয়া বীৰেন বৰুৱা, প্ৰসেনজিৎ দাস, সুৰজ দলে, অধিবক্তা অদীপ্তা চৌধুৰী, শিক্ষক বদন গগৈ, শিক্ষা বিষয়া অৰূপজ্যোতি মহন্ত, শ্ৰম বিষয়া ভৱজিৎ দলে , সাংবাদিক কবিৰ শইকীয়া, নেকিবুদ্দিন আহমেদ, ৰঞ্জীতা ৰাভা(নিউজ টাইম),নিপা কাকতি (দৈনিক অগ্ৰদূত), অনিমেষ নাথ, মিতালী কোঁৱৰ(প্ৰতিদিন টাইম) , নুৰুল হক আহমেদ(আমাৰ অসম), চন্দন কলিতা(অসম আদিত্য) , বিতোপন বৰা(প্ৰাগ নিউজ),মনীষা কলিতা(এন কে টিভি), কৃষ্ণ ভূঞা (ডি ৱাই ৩৬৫) , দীপাংকৰ কলিতা(ডি এ নিউজ প্লাছ), জাহ্নৱী বৰুৱা( নৰ্থ ইষ্ট নাও), মিন্টু হাজৰিকা(ডি নিউজ), পূজামণি দাস , ৰাণা আহমেদ, ইউনিছ তামুলী, শেখৰ জ্যোতি দুৱৰী , কৃষ্ণ ভূঞা,সমাজসেৱক অজয় গগৈ , ৰবি চৌধুৰী, ৰূপক ডেকা, দেৱব্ৰত ভাগৱতী, প্ৰকৃতি প্ৰেমী অনুপ মহন , ৰঘু মাহাতো, ছাত্ৰ নেতা সঞ্জীৱ বৰা, টাই আহোম যুৱ পৰিষদ ৰ মুখপাত্ৰ গুণকান্ত গগৈ , টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি সুমিত কুমাৰ সন্দিকৈ, আৰ টি আই কৰ্মী কীৰ্তি কমল বৰা আৰু বেচৰকাৰী সংগঠন ‘অসম সাৰথি’ক ।

বঁটাত আছে চেলেং,জাপি,স্মাৰক,সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ, অসম গৌৰৱ গঁড়ৰ প্ৰতীক আৰু বিশেষ উপহাৰ । তেনেদৰে অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাস(ডি ৱাই ৩৬৫), সাংবাদিক হিন্দুজ্যোতি গগৈ, ভিডিও সাংবাদিক ক্ৰমে পলাশ ঠাকুৰীয়া(ডি এ নিউজ প্লাছ) , বিপুল ৰাজ(প্ৰতিদিন টাইম), ৰাজু বৰা(প্ৰাগ নিউজ), দীপাংকৰ বৰা(এন ডি২৪) , জাহ্নু লস্কৰ(প্ৰতিদিন টাইম), পাপু আহমেদ(প্ৰতিবিম্ব লাইভ), কুশল শইকীয়া(প্ৰাগ নিউজ) , মণ্টু কুমাৰ শইকীয়া, অসম সাৰথি’ৰ সম্পাদক অনুপম বৰকটকী,সম্পাদক চাহাবুল ইছলাম, উপ-সভাপতি ত্ৰিলোচন বৰুৱা , সদৌ অসম ৰান্ধনী সহায়িকা সন্থাৰ সভানেত্ৰী সবিতা বড়ো,উপ সভানেত্ৰী খুদেজা খাতুন, আৰু সম্পাদক সুনীল ৰংপিক চেলেং চাদৰ আৰু গঁড়ৰ স্মাৰকেৰে বিশেষ সম্বৰ্ধনা জনোৱা হয় ।

Comments (0)
Add Comment