ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত কঠোৰ হ’ব জিলা প্ৰশাসন : মাস্ক পিন্ধাটো হ’ব বাধ্যতামূলক।

মাস্ক নিপিন্ধিলে বিহা হ’ব ৫০০ টকাৰ জৰিমনা।

আজিৰ খবৰ, গুৱাহাটী, ২৯ অক্টোবৰ : গুৱাহাটীত পুনৰ আৰম্ভ হৈছে ক’ভিডৰ দ্ৰুত সংক্ৰমণ।যাৰ ফলত অধিক চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন।

 

🔘গুৱাহাটীত যাতে ক’ভিডৰ অধিক সংক্ৰমন হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

 

🔘ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত কঠোৰ হ’ব জিলা প্ৰশাসন।মাস্ক পিন্ধাটো হ’ব বাধ্যতামূলক কৰা হৈছে।মাস্ক নিপিন্ধিলে বিহা হ’ব ৫০০ টকাকৈ জৰিমনা।

 

🔘উল্লেখযোগ্য যে,মহানগৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত ইতিমধ্যে ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।ৰূপনগৰৰ এটা অঞ্চলক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।

 

🔘কণ্টেইনমেণ্ট জ’ন ঘোষণা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত।এই কাৰ্যালয়ত কৰ্মৰত ১১ জন বিষয়া কৰ্মচাৰীৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯।

 

🔘মহানগৰত বৃহস্পতিবাৰৰ দিনা দুখনকৈ বিদ্যালয় কামৰূপ জিলা প্ৰশাসনে ক’ভিড সংক্ৰমণৰ বাবে কণ্টেইমেণ্ট জ’ন ঘোষণা কৰি বন্ধ কৰি দিছে।

Comments (0)
Add Comment