দুই কণমানি এনিশা, বৰষালৈ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ সহায়ৰ হাত।

আজিৰ খবৰ, লখিমপুৰ, ২৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ শান্তিপূৰ নামে গাওঁৰ দুগৰাকী পিতৃ মাতৃ হীন নিৰীহ কণমানিৰ বিষয়ে যোৱা কালি সংবাদ মাধ্যম যোগে প্ৰচাৰ হোৱাৰ লগে লগে যোৱা কালিয়ে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া গৈ কণমানি দুজনীৰ কাষত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়াব বুলি মত প্ৰকাশ কৰাৰ পিছত আজি পুৱাই ডঃ দিব্যজ্যোতি শইকীয়া পুনৰ কণমানি দুজনীৰ কাষত উপস্থিত হৈ চুৱেটাৰকে আদি কৰি গৰম বস্ত্ৰ, কেইডজনমান বহী, কিছু কলম, পেন্সিল আৰু লগতে কিছু পৰিমাণৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে।

 

উল্লেখযোগ্য যে দুটা দশক জুৰি বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি আৰু মানৱতাৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শতাধিক বঁটাৰে সন্মানিত হৈছে।

Comments (0)
Add Comment