খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এৰিয়াছ ছ’ছাইটী (ARIAS, Society)ৰ দ্বাৰা আয়োজিত অনুষ্ঠানত Assam AgriFin “Xamahar” Challenge Fund-ৰ শুভ উদ্বোধন।

আজিৰ খবৰ, গুৱাহাটী, ৯ ডিচেম্বৰ : আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এৰিয়াছ ছ’ছাইটী (ARIAS, Society)ৰ দ্বাৰা আয়োজিত অনুষ্ঠানত Assam AgriFin “Xamahar” Challenge Fund-ৰ শুভ উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই ।

 

যিহেতু আমাৰ কৃষকসকল উপান্ত খেতিয়ক, সেয়েহে এই আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা। অসমৰ কৃষি ব্যৱসায় খণ্ডত বিত্তীয় সেৱা প্ৰদানৰ বাবে উদ্ভাৱনীমূলক পদ্ধতিক সমৰ্থন কৰাৰ বাবে এই আঁচনি হৈছে এক পুঁজি প্ৰণালী। যিহেতু অসমৰ কৃষকসকলে পুঁজিৰ অভাৱত বিভিন্ন সমস্যাৰ সন্মুখীন হয় সেয়েহে এই পদক্ষেপৰ জৰিয়তে কৃষকসকলক সকাহ প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। আঁচনিখনৰ বিত্তীয় সেৱা খণ্ডৰ পৰা প্ৰত্যক্ষভাৱে ১,২৫,০০০ উৎপাদক উপকৃত হ’ব বুলি আমি আশাবাদী, যাৰ ৩৩% হ’ব মহিলা। কৃষিমন্ত্ৰী অতুল বৰাই আশা প্ৰকাশ কৰি কয় যে, মহিলাসকলে এইক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হ’ব।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ভিতৰত আমাৰ কৃষকৰ আয় দুগুণ কৰাৰ বাবে যি পৰিকল্পনা কৰিছে, আশা কৰোঁ এই আঁচনিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত কৃষক ৰাইজৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব।

এই অনুষ্ঠানতে আঁচনিখনৰ আকৰ্ষণীয় ল’গ’টোও উদ্বোধন কৰাৰ লগতে ৱেবছাইটটোও উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই ।

 

এৰিয়াছ ছছাইটিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক, অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰধান সচিব তথা কৃষি উৎপাদন আয়ুক্ত ড° আশীষ ভূটানীৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত ‘আৰ্নষ্ট এণ্ড য়ং’ৰ সহযোগী শ্ৰী সত্যম শিৱম সুন্দৰম, কৃষি বিভাগ আৰু পশুপালন বিভাগৰ বহু কেইজন উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Comments (0)
Add Comment