আই অসমীৰ হকে মহান শ্বহীদসকলৰ আত্মত্যাগ কেতিয়াও অথলে যাবলৈ নিদিওঁ : অতুল বৰা।

আজিৰ খবৰ, গুৱাহাটী, ১০ ডিচেম্বৰ : আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সতীৰ্থ মন্ত্ৰী- বিধায়কসকলৰ সৈতে উপস্থিত থাকে কৃষিমন্ত্ৰী তথা অগপ সভাপতি অতুল বৰা । অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ সৈতে বীৰ শ্বহীদসকলক সুঁৱৰি মাল্যাৰ্পণেৰে তেখেতসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনায় অসম চুক্তি ৰূপায়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰাই ।

 

ঐতিহাসিক অসম চুক্তিখনৰ আধৰুৱা দফাসমূহ ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে শেহতীয়াকৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰে । জননী জন্মভূমিৰ সুৰক্ষাৰ বাবে বীৰ শ্বহীদসকলে কৰা ত্যাগৰ আদৰ্শেৰে আমাৰ জাতিটোক নতুন ৰূপত গঢ় দিবলৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ অনুষ্ঠানত অসম আন্দোলনত ক্ষতিগ্রস্ত লোকসকলৰ বাবে গঠন কৰা সাহায্য নিধি মুকলি কৰাৰ লগতে বিশিষ্ট লেখক দিগন্ত ওজাৰ দ্বাৰা সম্পাদিত “অসম আন্দোলনৰ তথ্যকোষ’ শীর্ষক গ্ৰন্থখনৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰো শুভ উন্মোচন কৰে।

 

আজিৰ অনুষ্ঠানত চন্দ্ৰমোহন পাটোৱাৰী , উৰ্খাও গৌৰা ব্ৰহ্ম, কেশৱ মহন্ত, পীযুষ হাজৰিকা, বিমল বৰা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিধায়কসকল ক্ৰমে ভবেন্দ্ৰনাথ ভৰালী, অমিয় ভূঞা, মুখ্য সচিব জিষ্ণু বৰুৱা, অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠী ডাঙৰীয়া প্ৰমুখ্যে ৰাজ্য প্ৰশাসনৰ বিষয়াসকল, জাতীয় শ্বহীদ পৰিয়াল, বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Comments (0)
Add Comment