ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিল গুৱাহাটী বিশ্ববিদ্যালয়।

আজিৰ খবৰ, গুৱাহাটী, ১৬ ডিচেম্বৰ : বিশ্ববিদ্যালয়ৰ নিবাসত ক’ভিড সংক্ৰমণ হোৱা পৰিবেশৰ মাজত প্ৰতিভা সন্ধানী প্ৰতিযোগিতা (বিশ্ববিদ্যালয় সপ্তাহ) বাতিল কৰাৰ সময়তেই আনন্দৰ বন্যা বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ মাজত। চলিত বৰ্ষৰে যোৱা ১০ আৰু ১২ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনলাইন ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ (UNIFEST) মুকাভিনয় প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি সংগীত ৰত্ন বঁটা পাবলৈ সক্ষম বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ কংকণ তালুকদাৰে। লগতে উক্ত শিতানতে বিশ্ববিদ্যালয়ৰ ছাত্ৰী বৰষা শৰ্মাই দ্বিতীয় স্থান দখল কৰি সংগীতমণি বঁটাৰে গৌৰৱ বুটলিবলৈ সক্ষম হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈ আৰু ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰঞ্জন কুমাৰ কাকতিয়ে দুয়োগৰাকীকে শুভেচ্ছা বাৰ্তা প্ৰদান কৰে।

Comments (0)
Add Comment