গুৱাহাটী প্ৰেছ ক্লাৱত বিহু সুৰক্ষা সমিতিৰ প্ৰতিনিধি সভা।

আজিৰ খবৰ, গুৱাহাটী, ১৯ ডিচেম্বৰ : কামৰূপ মহানগৰ জিলা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা বিহু সুৰক্ষা সমিতিৰ মহিলা মঞ্চৰ সহযোগত বিশেষ প্ৰতিনিধি সভা 18 ডিচেম্বৰ, 2021 তাৰিখে, গুৱাহাটী প্ৰেচ ক্লাব সভাগৃহত অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি ঘুনুচা গগৈ বৰুৱাৰ সভাপতিত্বত আয়োজিত প্ৰতিনিধি সভাৰ আঁত ধৰে কামৰূপ মহানগৰ জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক ড. দেৱাশিস বেজবৰুৱাই। অসম সাংস্কৃতিক মহাসভাৰ সভাপতি তথা বিহু সুৰক্ষা সমিতি অসমৰ কৰ্ণধাৰ সমিতিৰ পবিত্ৰ কুমাৰ শৰ্মাই কয় যে বিহুৰ লগত জড়িত সামগ্ৰী সমূহৰ উৎপাদন আৰু সেইসমূহৰ বজাৰ সৃষ্টিয়ে নতুন আশাৰ সঞ্চাৰ কৰিব। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নবীন গগৈয়ে বিহু সুৰক্ষা সমিতিৰ উৎপাদনী বিভাগৰ গুৰুত্ব প্ৰদানৰ জৰিয়তে, থলুৱা গোমোচাৰ উপযুক্ত উৎপাদন আৰু বজাৰ সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে। কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কল্যান কুমাৰ দাস আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আশা চাংমায়ে বক্তব্য ৰখা প্ৰতিনিধি সভাত ৰেখা বৰগোহাইক সভাপতি, জুনু ৰাজখোৱাক কাৰ্যকৰী সভাপতি আৰু জুমু কলিতাক সম্পাদক হিচাপে লৈ কামৰূপ মহানগৰ বিহু সুৰক্ষা সমিতিৰ মহিলা মঞ্চৰ একৈশ জনীয়া আনুষ্ঠানিক সমিতি গঠন কৰা হয়।

Comments (0)
Add Comment