‘আজিৰ খবৰ’ৰ উদ্যোগত আয়োজিত ডাকযোগে চিঠি লিখা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা।

আজিৰ খবৰ, গুৱাহাটী, ২৪ ডিচেম্বৰ : তোমাৰ নাম হেনো পত্ৰলেখা,পত্ৰ কিয় নিলিখা হলা?” বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে পত্ৰ লিখা প্ৰথাটো নোহোৱা হ’ল । হেৰাই গ’ল চিঠি । মৰম ল’বা বুলি আৰম্ভ কৰা কাগজৰ টুকুৰাটোত কত যে পোৱা নোপোৱা,হাহি কান্দোন, হিয়া উদ্বেলিত কৰা আবেগৰ বন্যা সোমাই আছিল।কাৰোবাৰ বাবে জীয়াই থকাৰ প্ৰেৰণা,নতুনকৈ জীৱন গঢ়াৰ পণ আছিল নীলা খামৰ চিঠিত । বিশ্ব সাহিত্য সৃষ্টি কৰা এই চিঠিবোৰ হেৰাই গল।আধুনিকতাই ধূসৰ কৰিলে আজি সেই মাদকতা। তেনে এক সন্ধিক্ষণতে পৰ্টেল চেনেল আজিৰ খবৰ আৰু সামাজিক-সাংস্কৃতিক অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ইন্সপিৰেশ্যনে চিঠি লিখা দিনবোৰ ঘূৰাই অনাৰ লগতে অসমীয়া ভাষা সাহিত্যলৈ অৱদান আগবঢ়োৱা চিঠিবোৰক পুনৰজীৱিত কৰাৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা হৈছিল অসম ভিত্তিত ডাক যোগে চিঠি লিখা প্ৰতিযোগিতা ।এই চিঠি লিখা আন্দোলনত অসমৰ ইমূৰৰ পৰা সিমূৰৰ প্ৰায় ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে । ৰোমান্টিক চিঠি আৰু বাস্তৱ সময় এই দুটা বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ক’ শাখাত প্ৰথম হিচাপে নিৰ্বাচিত হৈছে চিমী কলিতা,গোৱালপাৰা ,দ্বিতীয় প্ৰিয়ংকা শৰ্মা,নলবাৰী মহাবিদ্যালয় আৰু তৃতীয় স্থান পাইছে ৰাজীৱ ফুকন তিতাবৰ।

খ শাখাত প্ৰথম নিৰ্বাচিত হৈছে নীলু দত্ত, চিৰিং চাপৰি ডিব্ৰুগড়,দ্বিতীয় ৰিনা নাথ গুৱাহাটী বিশ্ববিদ্যালয় আৰু তৃতীয় হিচাপে নিৰ্বাচিত হৈছে ৰীতা বৰুৱা,জগদুৱাৰ টীয়ক ।

অন্যহাতে নিৰ্বাচকৰ সিদ্ধান্তমৰ্মে গুৱাহাটী,জাপৰিগোগৰ ৰুণু গোস্বামীয়ে লাভ কৰিছে বিশেষ স্থান ।

আজিৰ খবৰৰ চন্দন কলিতা,হিৰকর্জ্যোতি শৰ্মা আৰু ইন্সপিৰেশ্যনৰ সভাপতি পাৰ্থ প্ৰতিম দত্তই জানিবলৈ দিয়া মতে নৱ বৰ্ষৰ আগে আগে গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লোৱা এক বিশেষ অনুষ্ঠানত বিজয়ী সকলক উপহাৰ সমূহ প্ৰদান কৰা হ’ব । আগন্তক অনুষ্ঠানৰ সম্পৰ্কে বিজয়ী সকলক ফোনযোগে আগতীয়াকৈ যোগাযোগ কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ।

Comments (0)
Add Comment