পথ দুৰ্ঘটনা ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ: গুৱাহাটীত সুৰাপায়ী চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান, ১২ জনক আটক।

আজিৰ খবৰ, গুৱাহাটী, ২৬ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই একাংশ চালকে সুৰাপান কৰি ৰাজপথত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি এনে ঘটনা ৰোধ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক কঠোৰ নিৰ্দেশ দিছে । আনকি পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ উপস্থিতিত ২৪ ডিচেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জিলা উপায়ুক্ত , আৰক্ষী অধীক্ষক আৰু জিলা পৰিবহণ বিষয়া সকলৰ সৈতে পথ দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছে । আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ যাতে যথাযথ ৰূপায়ণ হয় তাৰ বাবে পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে জিলা পৰিবহণ বিষয়া সকললৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে । ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শকৰ এটা দলে কালি সন্ধিয়াৰ পৰা নিশাজুৰি গণেশগুৰী আৰু গুৱাহাটী ক্লাৱত এক অভিযান চলায় । অভিযান কালত গণেশগুৰীত অধিক মাত্ৰাত সুৰাপান কৰি বাহন চলোৱা ১০ জন চালকক ধৰা পেলোৱা হয় । তেওঁলোকক নিশাই দিছপুৰ থানাত গতাই দিয়া হয় । তেনেদৰে গুৱাহাটী ক্লাৱত সুৰাপান কৰি আটক হোৱা দুজন চালকক নিশাই লতাশিল থানাত গতাই দিয়া হয় । ইফালে আজি দিনৰ ভাগত একেটা দলে গুৱাহাটী মহানগৰীত যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰা চিটিবাছ আৰু মেজিকৰ বিৰুদ্ধেও এক অভিযান চলায় । অভিযান কালত খানাপাৰা , গণেশগুৰী , চানমাৰী আৰু ভৰলুমুখত নিৰ্ধাৰিত ভাড়াতকৈ অধিক ভাড়া আদায় কৰা ২৩ খন চিটিবাছ আৰু মেজিক বাহন ধৰা পেলাই গোচৰ ৰজু কৰা হয় । আনহাতে আজি সন্ধিয়াৰ পাচত মহানগৰীৰ বিভিন্ন স্থানত বনভোজৰ পৰা উভতা বাহনৰ চালকে সুৰাপান কৰিছে নেকি তাকো পৰীক্ষা কৰে অভিযানকাৰী দলটোৱে ।

Comments (0)
Add Comment