বছৰটোৰ শেষত ভাল লগা খবৰ : অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা।

আজিৰ খবৰ, গুৱাহাটী, ৩১ ডিচেম্বৰ : মই ভাবো সাংবাদিকৰ পৰা ভাল খবৰ আহিব । ইয়াত এখন অৰণ্য আছিল শীৰ্ষক প্ৰকৃতিৰ গ্ৰন্থ এখন স্বীকৃতি পোৱাত অতিশয় আনন্দিত হৈ এইদৰে নিজৰ অনুভৱ প্ৰকাশ কৰে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে । ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা বিজয়ীৰ নাম ঘোষণা কৰা হৈছে। সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা । ‘ইয়াত এখন অৰণ্য আছিল’ নামৰ গ্ৰন্থখনৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।

আনহাতে ঔপন্যাসিক মৃণাল কলিতালৈ আগবঢ়োৱা হৈছে শিশু সাহিত্যৰ অকাডেমী বঁটা। ‘বকুল ফুলৰ দৰে’ উপন্যাসৰ বাবে তেখেতে এই বঁটা লাভ কৰে। সেইদৰে যুৱ লেখক অভিজিৎ বৰালৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী যুৱ বঁটা।

 

Comments (0)
Add Comment