মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ : বিগত পাঁচ মাহে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাজকন্যা।

⭕মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ।গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে মঞ্জুৰ কৰে জামিন।

 

⭕৫০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত উচ্চ ন্যায়ালয়ত ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ।দুটাকৈ গোচৰত অভিযুক্ত হৈছিল ৰাজকন্যা।

 

⭕ভাৰতীয় দণ্ডবিধি ২৭৯/৩৩৮/২৯৮/৩৫৩ ধাৰাত গ্ৰেপ্তাৰ হৈ বিগত পাঁচ মাহে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাজকন্যা।

 

⭕উল্লেখযোগ্য যে,কভিডৰ বাবে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতেই গুৱাহাটী মহানগৰীত সুৰাপান কৰি গাড়ী চলাই মডেল ৰাজকন্যা বৰুৱাই ৰাজপথত মহতীয়া নিছিল ৮ জনকৈ শ্ৰমিকক।

 

⭕জোচেফ মাৰাক নামৰ শ্ৰমিকগৰাকীৰ এখন ভৰি ঘটনাস্থলীতে বিচ্ছিন্ন হৈ গৈছিল ।প্ৰথম অৱস্থাত দিছপুৰ আৰক্ষীয়ে মডেলগৰাকীক গ্ৰেপ্তাৰ কৰিছিল যদিও ২৪ ঘণ্টা নহওতেই লাভ কৰিছিল জামিন।

 

⭕পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত দিছপুৰ আৰক্ষীয়ে পুনৰ ৩৬১৯/২০২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

Comments (0)
Add Comment