অৰুণাচল প্রদেশৰ তৎপৰতাত ৰাজ্যত অংগ-দান কার্যসূচী।

আজিৰ খবৰ, গুৱাহাটী, ১৩ মাৰ্চ : অৰুণাচল প্রদেশৰ মাননীয় ৰাজ্যপাল ড. বি. ডি. মিশ্রা আৰু মাননীয় মুখ্যমন্ত্রী পেমা খাণ্ডু-এ মৃত ব্যক্তিৰ অংদ-দানৰ নিচিনা মহৎ কার্যসূচী সন্দর্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লয় । এই বিষয়ত আলোচনাৰ বাবে শেহতীয়াকৈ ‘জুবলি ফাউণ্ডেচন’ৰ অধীক্ষক অমিতাভ গোহাঁই আৰু মুখ্য কার্যবাহী বিষয়া প্রিয়ংকা বৰাক ইটানগৰস্থিত ৰাজভৱনলৈ আমন্ত্রণ জনায় ।

২০১৩ চনৰ পৰাই বিস্তৃতৰূপত অংদ-দানৰ নিচিনা মহান কার্যৰ সৈতে জড়িত ‘জুবলি ফাউণ্ডেচন’ৰ ৰাজ্যপাল-এ যথেষ্ট শলাগ লয় । ৰাজ্যপালগৰাকীয়ে নিজ ৰাজ্যৰ প্রতিগৰাকী ব্যক্তিকে এই দিশত সজাগ কৰাৰ ইচ্ছা প্রকাশ কৰে । তেওঁ কয়, ‘নিজৰ জী‍ৱনত অংগ দানৰ নিচিনা প্রয়োজনীয় কার্য সন্দর্ভত ৰাজ্যৰ প্রতিগৰাকী ব্যক্তিকে সজাগ কৰাটো অত্যন্ত জৰুৰী ।’

আলোচনাৰ পূর্বতে, মুখ্য কার্যবাহী বষয়া প্রিয়ংকা বৰাই ৰাজ-ভৱনৰ প্রতিগৰাকী বিষয়াকে অংগ দানৰ প্রয়োজনীয়তা সন্দর্ভত বিৱৰণ দিয়ে । তেওঁ কয় যে, অংগ বিকল হৈ মৃত্যু বৰণ কৰা ব্যক্তিক এক নতুন জীৱন প্রদানৰ সর্বোত্তম উপায় হৈছে অংগ দান । তেওঁ লগতে কয়, মানুহে নিজৰ শৰীৰৰ অংগ যেনে বৃক্ক, হাওঁফাওঁ, কলিজা, যকৃত, অগ্নাশয়, ছালৰ কোষ, হাড়ৰ কোষ ইত্যাদি দান কৰিব পাৰে । ইটানগৰৰ ৰাজ ভৱনত অনুষ্ঠিত উক্ত আলোচনা-চক্রত মাননীয় মুখ্যমন্ত্রীগৰাকীয়ে আশ্বাস প্রদান কৰে যে অৰুনাচল-প্রদেশে শীঘ্রেই নিজ ৰাজ্যত অংগ দানৰ নিচিনা এনে মহৎ কার্যসূচীৰ শুভাৰম্ভ কৰিব ।

Comments (0)
Add Comment