পাণ্ডু টেম্পলঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপনৰ আয়োজন।

আজিৰ খবৰ, গুৱাহাটী ,১৩ মাৰ্চ : গুৱাহাটীৰ পাণ্ডু টেম্পলঘাটৰ জাগৰণ বহুমুখী উন্নয়ন কমিটিয়ে বিগত বছৰৰ দৰে এইবেলিও প্ৰভাত পথত অহা ১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ষষ্ঠ বাৰ্ষিক শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উদযাপনৰ আয়োজন কৰিছে । ১৭ মাৰ্চৰ পুৱা ৭ বজাত চাফাই কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত সন্ধিয়া ৫ বজাত দৌলযাত্ৰা , নিশা ৭ বজাত নাগাৰা নাম , ৮ বজাত হলিকা দাহ পৰ্ব অনুষ্ঠিত হব । ১৮ মাৰ্চৰ পুৱা ৮ বজাত ধৰ্মধজ্জা উত্তোলন , ১০ বজাত বৰপেটাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা হোলী গীত পৰিবেশন কৰা হব । নিশা ৭ বজাত নাগাৰা নাম পৰিবেশন কৰা হব । ১৯ মাৰ্চ তৃতীয় তথা শেহৰ দিনা দুপৰীয়া ১২ বজাত গোঁসাই ফুৰোৱাৰ পাছত বিয়লি ৪ বজাত গোঁসাইৰ গৃহ গমনৰে এইবেলিৰ দৌল উৎসৱৰ সামৰণি পৰিব । আনহাতে দৌল উৎসৱৰ কাৰ্যসূচী সুচাৰুৰূপে উদযাপন কৰিবলৈ সমাজকর্মী মহেশ কলিতাক সভাপতি , জগবন্ধু দাস আৰু দুলাল মজুমদাৰক উপ সভাপতি , মিলন সিংহক সম্পাদক , হেমন্ত কলিতা আৰু ৰাজু শৰণীয়াক সহকাৰী সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে । উদ্যোক্তা সকলে দৌল উৎসৱৰ তিনিওদিনৰ কাৰ্যসূচীতে ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি কামনা কৰিছে ।

Comments (0)
Add Comment