কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা পৰিবহণ বিভাগৰ যৌথ উদ্যোগত ৰঙিয়া-বাইহাটা চাৰিআলিত ৯০০ৰো অধিক বাহনত নিচিদ্ৰ তালাচী।

১২৮ খন বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৩খন বাহন জব্দ : নথিপত্ৰ নৱীকৰণৰ লগতে যাৱতীয় কৰ পৰিশোধৰ বাবে মহানগৰীৰ বহু বিদ্যালয়লৈ কঠোৰ সকীয়নি ।

আজিৰ খবৰ, গুৱাহাটী, ১৫ মাৰ্চ : যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে আজিও ৰাজপথত বৃহৎ যৌথ অভিযানত নামে কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ বৃহৎ অভিযানকাৰী দল ৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত, জিলা পৰিবহণ বিষয়া (প্ৰবৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু কামৰূপ গ্ৰাম্য জিলাৰ পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত অভিযানকাৰী দলে আজি অতৰ্কিতে কামৰূপ জিলাৰ ৰঙিয়া আৰু বাইহাটা চাৰিআলিৰ বৃহৎ অঞ্চলৰ ৰাজপথত ৯০০ৰো অধিক সৰু-বৰ বাহনত পানীনসৰকা তালাচী চলাই। নিৰবচ্ছিন্ন তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যানবাহনৰ কৰ পৰিশোধ নকৰাৰ লগতে নথিপত্ৰ নৱীকৰণৰ বিভিন্ন বিসঙ্গতিত যাত্ৰীবাহী আৰু ব্যৱসায়িক বিভিন্ন শ্ৰেণীৰ ৩খন বাহন জব্দ কৰা হয় ৷ একেদৰে ১২৮খন বাহনৰ বিৰুদ্ধে নথিপত্ৰৰ বিসঙ্গতি ধৰা পৰাত যানবাহন আইনৰ অধীনত ঠিতাতে গোচৰ ৰুজু কৰি জৰিমনা আদায় কৰা হয়। ইফালে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ যান-বাহন পৰিদৰ্শক কানাই মহন্ত আৰু অণুপমা বৰ্মন, বিনীতা কাঠাৰ, বদ্ৰুল আলীৰ দল মহানগৰীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত উপস্থিত হৈ স্কুলবাছৰ নথিপত্ৰসমূহ তন্নতন্নকৈ পৰীক্ষা কৰে ৷ গুৱাহাটীৰ এই বিদ্যালয়সমূহ আছিল ক্ৰমে মহৰ্ষি বিদ্যামন্দিৰ, শিলপুখুৰী, অসম জাতীয় বিদ্যালয়, নুনমাটি, হলি চাইল্ড, চানমাৰি, গুৰুকূল গ্ৰামাৰ, গীতানগৰ, চিনিয়ৰ ফেকাল্টি, গীতানগৰ, মডাৰ্ণ স্কুল, নাৰেংগী, মাৰিয়া পাব্লিক স্কুল, বিৰকুছি,ডাউন টাউন ইউনিভাৰ্চিটি, পানীখাইটি, মহৰ্ষি বিদ্যামন্দিৰ, বোন্দা, গুৱাহাটী পাব্লিক স্কুল, বতাহঘূলি আদি ৷ উল্লেখ্য যে এই বিদ্যালয়সমূহৰ কতৃপক্ষক অতিশীঘ্ৰে নথিপত্ৰ নৱীকৰণৰ লগতে যানবাহনৰ বকেয়াসহ বৰ্তমানৰ সকলো যাৱতীয় কৰ পৰিশোধৰ বাবে অভিযানকাৰী দলে কঠোৰ সকীয়নি দিয়ে ৷

Comments (0)
Add Comment