সীমান্ত শৰ্মাৰ অধীনত ধ্ৰুৱজ্যোতি কলিতালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা যুৱ শিল্পী বৃত্তি প্ৰদান।

আজিৰ খবৰ, গুৱাহাটী ১৮ মাৰ্চ : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ধ্ৰুৱজ্যোতি কলিতালৈ থিয়েটাৰৰ (অভিনয়) বাবে ২০১৯-২০২০ বৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰত যুৱ শিল্পী বৃত্তি প্ৰদান বাবে মনোনীত হৈছে । ধ্ৰুৱজ্যোতি কলিতাই শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যাপক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ বঁটা প্ৰাপ্ত সীমান্ত শৰ্মাৰ অধীনত প্ৰশিক্ষণ লৈ আছে । সুৰজিৎ একাডেমীত দুবছৰীয়া অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণলৈ ও আছে। তাৰোপৰি ধ্ৰুৱজ্যোতি কলিতাই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব অঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ পৰা ২০১৯-২০২০ বৰ্ষৰ যুৱ প্ৰতিভা শিল্পী বঁটা ও পাইছে। লগতে সীমান্ত শৰ্মাৰ অধীনত অসম তথা ভাৰতৰ চৰকাৰৰ অধীনৰ বহু কেইখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক কাৰ্যক্ৰমত নাটক অভিনয় পৰিৱেশন কৰিছে আৰু সুৰজিৎ একাডেমীৰ অধীনত বহু কেইখন চুটি ছবিত অভিনয় কৰিছে । ধ্ৰুৱ জ্যোতি কলিতাই ৰাষ্ট্ৰীয় টেগৰ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ অধীনটো ৰাষ্ট্ৰীয় পৰ্যায়ত পুতলা নাটো পৰিবেশন কৰি আহিছে। ধ্ৰুৱ জ্যোতি কলিতা ধাৰাপুৰ, বড়িপাৰাৰ গোবিন্দ চন্দ্ৰ কলিতা আৰু সাবিত্ৰী কলিতাৰ এক মাত্ৰ পুত্ৰ।

Comments (0)
Add Comment