সৰুসজাই ষ্টেডিয়ামত প্রথমবাৰৰ বাবে তিনিদিনীয়াকৈ “সীমান্ত ক্ৰীড়া মহোৎসৱ- ২০২২” ৰ আয়োজন

অংশগ্ৰহণ কৰিব ৯ খন আন্ত:ৰাষ্ট্ৰীয় সীমান্ত জিলাৰ প্ৰায় ৩৫০ গৰাকী খেলুৱৈয়ে : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ সহযোগত সৰুসজাই ষ্টেডিয়ামত এই বিশেষ আয়োজন।

আজিৰ খবৰ, গুৱাহাটী, ২৭ মাৰ্চ : উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা , একতা আৰু উন্নয়নৰ বাবে কাম কৰি অৰাজনৈতিক সামাজিক , সাংস্কৃতিক সংগঠন সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম প্ৰদেশ কমিটিয়ে ৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ সৰুসজাই ষ্টেডিয়ামত প্ৰথম বাৰৰ বাবে ” সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ ” অনুষ্ঠিত কৰিব । আজি সৰুসজাই ষ্টেডিয়ামৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সুজল বৰদলৈয়ে । সংবাদ মেলত সুজল বৰদলৈয়ে কয় আগন্তক ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিঃমিঃ ভিতৰৰ ৯ খন জিলা ক্ৰমে – ধুবুৰী , কৰিমগঞ্জ , কাছাৰ , দক্ষিণ শালমাৰা , কোকৰাঝাৰ , চিৰাং , বাগছা , তামুলপুৰ আৰু ওদালগুৰি জিলাৰ পুৰুষ – মহিলাসহ প্ৰায় ৩৫০ জন খেলুৱৈয়ে ভাগ লব । ১০ টা ইভেণ্টত হবলগীয়া প্রতিযোগিতাৰ বাবে খেলুৱৈসকলক বাচনি কৰিবৰ বাবে সেই জিলা কেইখনত ৪ – ১১ মাৰ্চত সপ্তাহযোৰা কাৰ্যসূচীৰে কোৱালিফাইং ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল । ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত , নতুন দিল্লীৰ হন্স ফাউণ্ডেচন আৰু অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখন ৪ এপ্ৰিলত বিয়লি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰিব । য’ত অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী তথা মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বিমল বৰা , বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকিব । তেনেদৰে ৬ এপ্ৰিলৰ দিনা বিয়লি অনুষ্ঠিত হবলগীয়া সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী , সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক গোপাল কৃষ্ণণ উপস্থিত থাকি বিজয়ী সকলক বঁটা প্ৰদান কৰিব । আনহাতে খেল সমূহ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত অনুষ্ঠিত হব বুলি সুজল বৰদলৈয়ে সদৰি কৰে । সংবাদ মেলত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ অসম প্ৰদেশ কমিটিৰ সভাপতি ডঃ বিনীতা ভাগৱতী , মহোৎসৱৰ প্ৰচাৰ সম্পাদক প্ৰিয়ংকা পালিতে ভাগ লৈ সীমান্তৱৰ্তী অঞ্চলৰ যুৱক যুৱতী সকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে এনে ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি ব্যক্ত কৰে ।

Comments (0)
Add Comment