গীতিকাৰ সুৰকাৰ কেশৱ নয়নৰ নতুন গীত “কৈ নিদিয়া কিয়”

আজিৰ খবৰ, গুৱাহাটী, ১৩ মাৰ্চ : কেশৱ নয়নৰ কথা,সুৰ আৰু পৰিচালনাৰে পাপনে কণ্ঠদান কৰা ‘তোমাৰ কথা’ শীৰ্ষক গীতটিৰ কথা হয়টো নকৈ কোৱাৰ প্ৰয়োজন নাই। অতি কম সময়তে ১ কোটিৰো ওপৰত শ্ৰোতাৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এই গীতটিৰ আজিও জনপ্ৰিয়তা ঈৰ্ষণীয়। গীতটিৰ যি কথা আৰু কাহিনী,সেয়া বুকুত ৰৈ যোৱা । ২০১৮ চনত অভিনেতা-কণ্ঠশিল্পী নয়ন নীলিমে কণ্ঠদান কৰা “শেৱালী” নামৰ এটি গীতেৰে নিজৰ কথা,সুৰ তথা পৰিচালনা আগবঢ়াই লাখৰ ওপৰত দৰ্শকৰ সঁহাৰিৰে সাংস্কৃতিক জগতত ভূমুকি মৰা কেশৱ নয়ন সম্প্রতি এগৰাকী পৰিচিত ব্যক্তি। প্রথম খোজতেই প্রায় তেৰ লাখ দর্শক-শ্ৰোতাৰ সহাৰিৰে আশীৰ্বাদপুষ্ট হোৱা কেশৱ নয়নে লাহে লাহে সাংস্কৃতিক জগতখনৰ লগত নিবিড়ভাবে জড়িত হৈ এটাৰ পাছত আনটো সুন্দৰ গীত। দৰাচলতে গীতিকাৰ, সুৰ কাৰ,পৰিচালক হিচাপে মৌলিকতাক প্রাধান্য দি সৃষ্টিত নিজকে নিয়োজিত কৰাৰ যি আন্তৰিকতা, তাতেই তেখেতৰ পৰিচয় ফুটি উঠিছে তেখেতৰ সাংস্কৃতিক সত্ত্বা।

এইগৰাকী গীতিকাৰৰে দ্বাৰা ৰচিত বলিউদৰ অভিনেতা যতিন শনাই(secred games,83 আদিত অভিনয়) অভিনয় কৰা আৰু জুবিন গাৰ্গে কণ্ঠদান কৰা “তোমাক দেখিলেই” নামৰ এটি গীতও মুক্তি পোৱাৰ কথা চলিত বৰ্ষত। ইফালে,বর্তমান ৰংত সম্প্ৰচাৰিত হৈ থকা “ৰাজবোৱাৰী” নামৰ ধাৰাবাহিকখনৰো শীৰ্ষগীতটোও তেখেতৰ কথা আৰু সুৰৰে আগবঢ়োৱা হৈছে । শেৱালী,ৰঙা জীঞা,বুকুৰ ৰুণজুন,তুমি অহা যেন লাগে, তোমাৰ কথা আদিৰে শ্ৰোতাৰ বুকুত সুকীয়া স্থান দখল কৰা গীতিকাৰ,সুৰকাৰ তথা পৰিচালক কেশৱ নয়নে যোৱা ১২ এপ্ৰিলত মুকলি কৰে “কৈ নিদিয়া কিয়” শিৰোনামাৰে এটি সুন্দৰ গীত। যিটো গীত হয়টো প্ৰথমটো গীত য’ত অসমীয়া, বড়ো আৰু তি । তিনিটা ভাষাৰ সংমিশ্রণেৰে শ্ৰোতাৰ বাবে মুকলি কৰা হয়। লগতে প্ৰথমবাৰৰ বাবে কণ্ঠ নিগৰোৱা তিনি ভাষাৰ সংমিশ্ৰিত বলিউদ তথা অসমীয়া সংগীতজগতৰ তাৰকা শিল্পী পাপন আৰু বলিউদৰ তাৰকা শিল্পী শ্রেয়া ঘোষলৰ সুৰীয়া কণ্ঠইও বিশেষ মাত্রা দিছে গীতটিক। বলিউদৰ দুই তাৰকাৰ যুতিৰে তিনি ভাষাৰ সংমিশ্ৰণৰ সাংস্কৃতিক মিলনসেঁতু গঢ়া এই গীতটি মুক্তিৰ পাছতেই বড়ো-তিৱা তথা অসমীয়া সংগীতপ্রেমীৰ মাজত এটি উৎসাহজনক লহৰ দেখা পোৱা গৈছে। গীতিকাৰ, সুৰকাৰ তথা পৰিচালক কেশৱ নয়নৰ এই প্ৰচেষ্টা সচাঁকৈ শলাগনীয়।

Comments (0)
Add Comment