ধৰ্মীয় সংখ্যালঘূৰ বিপৰীতে জনগোষ্ঠীয় প্ৰমাণপত্ৰ প্ৰদানৰ দাবী সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

আজিৰ খবৰ ,গুৱাহাটী, ১ জুন : বছৰ বছৰ ধৰি অৱহেলিত আৰু বঞ্চিত গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে লৈ অহা একে নীতিকে গ্ৰহণ কৰিবলৈ লৈছে ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ চৰকাৰে! ২০২২ চনৰ মে’ মাহৰ অন্তিমখন কেবিনেটত অসম চৰকাৰে সংখ্যালঘুৰ হকে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি দিছ্পুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হ’কে কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰৰ ২০২২ চনৰ মে’ মাহৰ অন্তিমখন অৰ্থাৎ ২৯ মে, ২০২২ তাৰিখৰ কেবিনেটত অসমৰ ধৰ্মীয় সংখ্যালঘু সকলক প্রমানপত্র দিয়াৰ যি সিদ্ধান্ত গ্রহণ কৰিছে সেই বিষয়টোত একমত হব পৰা নাই সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ। কেবিনেটৰ সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যত কিছু ক্রুতি আৰু আসোৱাহ দেখা পোৱা গৈছে বুলি দাবী কৰিছে সংগঠনটোৱেI চৰকাৰী পক্ষই উল্লেখকৰা ইছলাম ধৰ্মাৱলম্বী মুছলমান শব্দটোত কোন খিনি মুছলমানৰ কথা কৈছে। সেই কথাটোৰ স্পষ্টিকৰন দিব লাগে বুলি অনুভৱ কৰিছেI কাৰণ মুছলমান হিচাপে অসমত থলুৱা বহিৰাগত প্রব্রজনকাৰী আদি ভিন্ন প্রকাৰৰ আছে। অসমৰ সকলো থলুৱা জাতি জনগোষ্ঠীৰ উপৰিও বৰ্তমানৰ চৰকাৰে গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ ইতিবৃত্ত ভালকৈ জানেI তাৰ পিছতো সকলোকে একাকাৰ কৰিব বিছৰাটো সহজ ভাবে মানি লব পৰা নাই সংগঠনটোৰ নেতৃত্ব‌ই।

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে কোনো কাৰনতে সকলো মুছলমানক একাকাৰ কৰি ধৰ্মীয় সংখ্যালঘূ বুলি কোৱা মুছলমানৰ লগত একেখন মঞ্চত কোনো দিনে নাই নাথাকে আৰু একত্রিত নহয়। সেই কথা স্পষ্ট কৰি দিয়ে সংগঠনৰ নেতৃবৃন্দই। যিহেতু বিগত সময়ত আমি নিজকে কোনো দিনেই সংখ্যালঘূ বুলি ভবা নাই আৰু সংখ্যালঘুৰ নামত অহা সকলো সা-সুবিধাৰ আচঁনি আদিৰ পৰা কেতিয়াও লাভৱান হোৱা নাই আৰু এই ধৰ্মীয় সংখ্যালঘূৰ মাজতে সংখ্যালঘু হৈ বছৰ বছৰ ধৰি বঞ্চিত আৰু অৱহেলিত হৈ আহিছে। সকলোবোৰ কথা অত্যন্ত গভীৰ আৰু সুক্ষ্ম ভাবে জনাৰ পিছতো আজি মুখ্যমন্ত্ৰীৰ তেনে এক বিপৰীত বক্তব্য সংবাদ মাধ্যমত দেখা পোৱা গল। যি বক্তব্যই পুনৰ গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ লোক সকলক কেৱল অসন্তুষ্ট কৰাই নহয় প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। বছৰ বছৰ ধৰি হৈ অহা অপমানিত, কেতিয়াবা বাংলাদেশী, কেতিয়াবা বহিৰাগত, বিদেশী, ডি ভোটাৰ হোৱাৰ উপৰিও বিদেশীৰ সন্দেহত ডিটেনচন কেম্পলৈ পঠোৱা হৈছিল এই থলুৱা জনগোষ্ঠীৰ লোক সকলক , একমাত্ৰ ধৰ্মটো একে হোৱাৰ বাবে। সংগঠনটোৱে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে একমাত্ৰ সুকীয়া জনগোষ্ঠীয় পৰিচয় বিচাৰি। মুখ্যমন্ত্ৰীয়ে অসমৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকক সংখ্যালঘূৰ নামত একাকাৰ কৰি আমাৰ জনগোষ্ঠীয় পৰিচয় নিশেষ হোৱাটো আমি কেতিয়াও মানি ল’ব নোৱাৰো।

 

অসম চৰকাৰৰ এই কৌশলপূৰ্ণ, হঠকাৰী সিদ্ধান্তই অসমৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দীৰ্ঘদিনীয়া দাবীক নস্যাৎ কৰা যেন লাগিল। জনগোষ্ঠী কেইটাৰ সন্মান আৰু স্বাভিমানত আঘাট হনা পৰিলক্ষিত হৈছেI আমাৰ জনগোষ্ঠী কেইটাৰ এইখন অসমত গৌৰৱ উজ্জল ইতিহাস, ঐতিহ্য, বৰ্ণিল কৃষ্টি-সংস্কৃতি আছে। নিজ জনগোষ্ঠীয় পৰিচয় থকাৰ পিছতো আমাক সংখ্যালঘু সকলৰ সতে একাকাৰ কৰি কোৱা কথা বতৰা অত্যন্ত দুখজনক। এই ক্ষেত্ৰত আমি সংগঠনৰ তৰফৰ পৰা অসম চৰকাৰক কঠোৰ ভাৱে নিন্দা কৰিছো। ইতিহাস প্রসিদ্ধ জনগোষ্ঠী কেইটাক ৰাজনৈতিক ভাৱে হত্যা কৰাৰ চেষ্টা নকৰিব বুলি এই চৰকাৰৰ ওপৰত আমাৰ এতিয়াও আস্থা আৰু বিশ্বাস আছেI মুখ্যমন্ত্ৰীয়ে বিশেষকৈ সকলো ইছলাম ধৰ্মাৱলম্বীৰ লোকক যাতে সংখ্যালঘূ সজাই একাকাৰ নকৰে। মুখ্যমন্ত্ৰীৰ সেই বক্তব্য পুনৰ সংশোধন কৰি গৰিয়া মৰিয়া দেশী সকলক জনগোষ্ঠীয় পৰিচয়ৰ আধাৰত চিনাক্ত কৰণৰ ব্যৱস্থা কৰাৰ লগতে সংখ্যালঘু প্রমান পত্রৰ পৰা বাতিল কৰাৰ দাবী জনালোঁ। আমাৰ সুকীয়া জৰীপ কৰি গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠী সকলক সুকীয়া জনগোষ্ঠীয় প্ৰমাণপত্ৰ প্ৰদানৰ ব্যবস্থা কৰকI তেতিয়াহে এই থলুৱা ইছলামধৰ্মী সকল ৰক্ষা পৰিব আৰু মান-মৰ্যাদা সহকাৰে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্ম‌ই বসবাস কৰি থাকিব পাৰিব।

Comments (0)
Add Comment