গুৱাহাটীত বেনলিং ইণ্ডিয়া এনাৰ্জী এণ্ড টেকন’লজি প্ৰাইভেট লিমিটেডৰ বিপনি মুকলি

ফটাশিল আমবাৰীৰ এ. কে. দেৱ ৰোডত মুকলি "বেনলিং ইণ্ডিয়া"ৰ বিপনি

আজিৰ খবৰ, গুৱাহাটী, ২১ জুন, ২০২২ : দেশৰ দুচকীয়া ইলেকট্ৰনিক বাহন নিৰ্মাতা অগ্ৰণী কোম্পানী “বেনলিং ইণ্ডিয়া এনাৰ্জী এণ্ড টেকন’লজি প্ৰাইভেট লিমিটেড” ( বি ই এন এল জি ) ৰ এখন বিপনি সোমবাৰে মুকলি কৰা হয় এ কে দেব পথৰ ফটাশিল আমবাৰীৰ তুলা ফেক্টৰীৰ সমীপত । বিপনিখন মুকলি কৰে বিশিষ্ট অভিনেতা যতীন বৰা আৰু কমলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই । “বেনলিং ইণ্ডিয়া” ৰ গুৱাহাটীৰ এই শ্ব’ৰূমটো মুকলি কৰি যতীন বৰাই কয় যে, “বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিত প্ৰদূষণৰ মাত্ৰা কম কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইলেকট্ৰনিক বাহনৰ চলাচলত গুৰুত্ব আৰোপ কৰিছে । তেনেদৰে ডিজেল বা পেট্ৰলচালিত বাহনত হোৱা ইন্ধনৰ ব্যয়ৰ তুলনাত ইলেকট্ৰনিক বাহনৰ খৰছ বহুত কম ।”

আনহাতে কমলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই এনে ধৰণৰ বিপনি স্থাপন কৰিবলৈ সাহসেৰে আগবাঢ়ি অহা বাবে দুই শিক্ষিত উদ্যমী যুৱ ব্যাৱসায়ী অংশুমান গোস্বামী আৰু অৰ্ণব কুন্দুৰ কৰ্মৰ শলাগ লয় । উল্লেখযোগ্য যে ৰাজসাহায্যযুক্ত এই ইলেকট্ৰনিক দুচকীয়া বাহনখন দুটা মডেলত উপলব্ধ হব । ইয়াৰে চাৰিটা ৰঙত উপলব্ধ হবলগীয়া হাই-স্পীড মডেলৰ দাম হব প্ৰায় ১.১২ লাখ টকা আৰু ইয়াক এবাৰ সম্পূৰ্ণকৈ চার্জ দিলে প্ৰায় ১০০ কিঃমিঃ দূৰত্বলৈ চলাব পাৰিব । তেনেদৰে ল’-স্পিড মডেলৰ দাম হব প্ৰায় ৭০ ৰ পৰা ৮০ হাজাৰ টকাৰ ভিতৰত আৰু এবাৰ সম্পূৰ্ণকৈ চার্জ দিলে ই ৬০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব পাৰিব ।

Comments (0)
Add Comment