মেট্ৰিক পৰীক্ষা আৰু হায়াৰ চেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ তিনি শীর্ষ স্থানপ্রাপক ছাত্ৰ ছাত্ৰীক ৰাজভৱনত অসমৰ ৰাজ্যপালৰ সম্বৰ্ধনা

আজিৰ খবৰ, গুৱাহাটী , ৩ জুলাই : ছাত্ৰ ছাত্ৰী সকলে পাঠ্যপুথিৰ অধ্যয়নৰ সমান্তৰালভাৱে দেশপ্ৰেমৰ ভাবেৰে উদ্বুদ্ধ হৈ থাকিব লাগে। এই ক্ষেত্ৰত শিক্ষক সকলৰো এক গুৰু দায়িত্ব আছে আৰু শিক্ষক সকলে ছাত্ৰ ছাত্ৰী সকলক এইক্ষেত্ৰত অনুপ্ৰেৰণা যোগাই থাকিব লাগে, যাতে তেওঁলোকৰ মাজত দেশপ্ৰেমৰ ভাব অটুত থাকে। এই মন্তব্য অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিৰ। আজি দুপৰীয়া ৰাজভৱনৰ দৰবাৰ হলত ৰাজ্যৰ সদ্যঘোষিত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ চেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষাৰ কলা , বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাৰ শীর্ষ তিনিটা স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায় ৰাজ্যপাল জগদীশ মুখিয়ে এই মন্তব্য কৰে।

ৰাজ্যপালৰ জনসম্পৰ্কৰক্ষী বিষয়া লাকী বিশ্বাসে আঁত ধৰা অনুষ্ঠানটোত ৰাজ্যপালৰ সহধর্মিনী আৰু ৰাজ্যৰ প্ৰথম মহিলা প্ৰেম মুখি, বিশিষ্ট শিক্ষাবিদ, অধ্যাপক মিহিৰকান্তি চৌধুৰী, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ অধ্যাপক ৰুক্ম বুঢ়াগোহাঁই, ইউ এছ টি এমৰ প্ৰতি উপাচার্য ডঃ কলেন্দ্ৰ কুমাৰ দাসকে ধৰি কেইবাজনো শিক্ষাবিদ , উচ্চপদস্থ চৰকাৰী বিষয়া উপস্থিত থাকে।

আনহাতে, প্ৰথমবাৰৰ বাবে ৰাজ্যপালৰ উদ্যোগত ৰাজভৱনত অনুষ্ঠিত কৃতি ছাত্ৰ ছাত্ৰীক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত প্ৰথম স্থানপ্ৰাপকক ৭৫ হাজাৰ টকা, দ্বিতীয় স্থানপ্রাপকক ৫০ হাজাৰ টকা আৰু তৃতীয় স্থানপ্রাপকক ৪০ হাজাৰ টকাৰ চেকৰ লগতে ৰাজ্যপালৰ স্বাক্ষৰযুক্ত মানপত্ৰ প্ৰদান কৰা হয়। আনকি শীৰ্ষ তিনিটা স্থান লাভ কৰা শিক্ষানুষ্ঠানৰ প্ৰধান সকলকো ৰাজ্যপালে মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনায়। শেষত শলাগৰ শৰাই আগবঢ়ায় ৰাজ্যপালৰ যুটীয়া সচিব এছ এন ভৌমিকে।

Comments (0)
Add Comment