এছ আই পি আৰ ডিৰ উদ্যোগত গাঁও পঞ্চায়ত প্ৰতিনিধিৰ বহনক্ষম উন্নয়ন বিষয়ক প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই, ২০২২ : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অন্তৰ্গত সম্প্ৰসাৰণ শিক্ষা কেন্দ্ৰ চমুকৈ ই টি চিয়ে বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহৰ নিৰ্বাচিত প্ৰতিনিধি সকল আৰু বিভাগীয় কৰ্মচাৰী সকলৰ দক্ষতা বৃদ্ধি কৰি কিদৰে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হব পাৰি সেই সন্দৰ্ভত মে মাহৰ পৰা মাহযোৰা কাৰ্যসূচীৰে চলি থকা প্ৰশিক্ষণ কৰ্মশালাৰ ৪ জুলাইত সামৰণি পৰে । মাহযোৰা প্ৰশিক্ষণ কৰ্মশালাত কেবাখনো জিলাৰ ২৬ টা উন্নয়ন খণ্ডৰ অধীনৰ গাঁও পঞ্চায়ত সমূহক সামৰি লোৱা হৈছিল । তেনেদৰে প্ৰশিক্ষণ কৰ্মশালাত প্ৰশিক্ষক হিচাপে ই টি চিৰ ফেকাল্টিৰ উপৰি শিশু সুৰক্ষা বিষয়া , সংহত শিশু উন্নয়ন সেৱাৰ পৰ্যবেক্ষক সকল , ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ বি পি এম সকলে ভাগ লৈছিল । আনহাতে ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে সদৰি কৰা অনুসৰি প্ৰশিক্ষণ কৰ্মশালা ই টি চি চৌহদৰ উপৰিও গোৱালপাৰা জিলাৰ বালিজানাৰ ডি পি আৰ চি কেন্দ্ৰ আৰু মৰিগাঁও জিলাৰ জিলা পৰিষদৰ সভাগৃহত অনুষ্ঠিত কৰা হৈছিল ।

Comments (0)
Add Comment