মণিপুৰৰ ভূমিস্খলন হোৱা স্থানত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ সজাতি দল

আজিৰ খবৰ, গুৱাহাটী, ৭ জুলাই, ২০২২ : ৰেল মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি উত্তৰ পূবৰ ৰাজ্যকেইখনৰ ৰাজধানী চহৰ সমূহক ব্ৰডগজ ৰেল লাইনৰে পোনপটীয়াকৈ সংযোগ কৰা আঁচনিৰ অংশ হিচাপে মণিপুৰৰ ৰাজধানী ইম্ফল চহৰক সংযোগ কৰাৰ বাবে চলি আছে এক বৃহৎ ৰেলৱে প্ৰকল্প । কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে ২৯ জুনৰ দিনা মাজনিশা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মণিপুৰৰ নিৰ্মীয়মান টুপুল ৰেলৱে স্টেচনত হোৱা ভয়াবহ ভূমিস্খলনত ৰেলৱেৰ নিৰ্মাণ বিভাগৰ অভিযন্তাসহ কেবাজনো কৰ্মচাৰী , নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিক আৰু ওচৰতে থকা সেনা বাহিনীৰ চাউনিৰ কেবাজনো সেনা দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লবলগীয়া হয় । অৱশেষত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়ন”ৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নিৰ্দেশ মৰ্মে ৪ আৰু ৫ জুলাইত ভূমিস্খলনৰ স্থান পৰিদৰ্শন কৰে ৰেলৱেৰ নিৰ্মাণ শাখাৰ মালিগাঁওস্থিত নিৰ্মাণ বিভাগৰ এম্পলয়িজ ইউনিয়নৰ এটা সজাতি দলে । শাখা সম্পাদক টংকেশ্বৰ বৈশ্য , যুটীয়া সম্পাদক উৎপল ঠাকুৰীয়া আৰু লামডিং সংমণ্ডলৰ সহকাৰী সম্পাদক হেমন্ত কলিতাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে জিৰিবাম- টুপুল -ইম্ফল ৰেল লাইনৰ ভূমিস্খলনস্থলী পৰিদৰ্শন কৰে । তেনেদৰে পৰিদৰ্শন কালত দলটোৱে উদ্ধাৰ কাৰ্য্যৰ লগত জড়িত ৰেলৱেৰ উচ্চপদস্থ বিষয়াৰ লগত এক আলোচনাত মিলিত হয় । আনহাতে নিখোঁজ হৈ থকা লোকৰ পৰিয়ালবৰ্গৰ লগত মিলিত হৈ সকলো সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে সজাতি দলটোৱে ।

Comments (0)
Add Comment