মানৱসৃষ্ট কাৰণৰ বাবে মৃত্যু হোৱা কালমণি জানক পুনৰ জীৱন দান দি বোৱতী সুঁতিলৈ ৰূপান্তৰিত কৰিলে জলসম্পদ বিভাগে :: কৃত্রিম বানৰ পৰা ৰক্ষা পৰিছে বৃহত্তৰ আজাৰা অঞ্চল

আজিৰ খবৰ, গুৱাহাটী, ১১ জুলাই, ২০২২ : ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰান্তত মানৱসৃষ্ট কাৰণৰ বাবে বহু বিল , জলাশয় , প্ৰাকৃতিক জান , জুৰি , নদ , নিজৰা আদি মৃত্যুৰ মুখলৈ গতি কৰিছে । আনকি কিছুমান প্ৰাকৃতিক জান , জুৰি , বোৱতী সুঁতিৰ ইতিমধ্যে অকাল মৃত্যু হৈছে। কিন্তু ইয়াৰ বিপৰীত ক্ৰিয়া হিচাপে বহু অঞ্চলত বাৰিষাৰ সময়ত বা বৰষুণৰ বতৰত কেনে ধৰণৰ ভয়াৱহ কৃত্ৰিম বানপানীৰ সৃষ্টি হয় তাক সকলোৱে দেখি আহিছে । আনটো বাদেই গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ সমীপৰ পৰা আজাৰা ৰাণীগেটলৈকে ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত প্ৰায় তিনিটা দশক আগলৈকে কুল কুলকৈ দীপৰ বিললৈ বৈ থকা কালমণি নামৰ প্ৰাকৃতিক জানটো একাংশ মানুহৰ নিৰ্মম অত্যাচাৰৰ বলি হৈ মৃত্যু হৈছিল । ১৯৯০ চনলৈকে দীপৰ বিললৈ বৈ থকা কালমণি জানটোৰ ওপৰত একাংশ লোকে মাটি পেলাই পুৰ কৰি পথ বা নিজৰ চৌহদ সম্প্ৰসাৰণ কৰাৰ ফলত জানটোৰ অকাল মৃত্যু হয় । ফলত ৰাণীগেটৰ ওচৰতে থকা বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ জি আই এম টিৰ সন্মুখলৈ বৃহত্তৰ আজাৰা অঞ্চলৰ এক বিস্তীৰ্ণ অংশ বাৰিষাৰ সময়ছোৱাত কৃত্ৰিম বানপানীৰ কবলত পৰাটো সাধাৰণ ঘটনাত পৰিণত হয় । উল্লেখযোগ্য যে আজাৰাৰ পৰা প্ৰায় ১০ কিঃমিঃ নিলগৰ বৃহত্তৰ ৰাণী অঞ্চলৰ অসম – মেঘালয় সীমান্তৰ পৰা বৈ আহিছিল কালমণি জানটো । কিন্তু ৰাণীৰ পৰা ৰাণীগেটলৈকে থকা অংশখিনীৰ বেছিভাগ বাসিন্দা জনজাতীয় সম্প্ৰদায়ৰ হোৱা বাবে আজিও তেওঁলোকে কালমণি জানটোৰ অকণো অনিষ্ট সাধন কৰা নাই । কিন্তু ৰাণীগেটৰ পৰা দীপৰ বিল সংযোগী অংশখিনী বিশেষকৈ জি আই এম টি চৌহদৰ সমীপত থকা অৰ্জুনগুৰী দলঙৰ তলত যত বিলত মিলিত হৈছিল তালৈ ৯০ শতাংশৰো অধিক অংশ মাটি পেলাই বা অবৈধ ভাৱে কালভাৰ্ট নিৰ্মাণ কৰি জানটো পুতি পেলোৱা হয় । ইয়াৰ সমান্তৰাল ভাবে কিছু বছৰ পূৰ্বে গোৱালপাৰা – আজাৰা সংযোগী ৰেললাইন আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত ৰাণীগেটৰ পৰা দীপৰ বিল সংযোগী অংশয়ো পুতি পেলোৱা হয় । ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ যি অৱশিষ্ট অংশ আছিল সেই অংশবোৰত একাংশ লোকে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰাৰ লগতে বাকী থকা অৱশিষ্ট অংশ খিনি পুতি ঘৰ, দোকান আদি নিৰ্মাণ কৰে। ফলত ইতিহাস প্ৰসিদ্ধ এই কালমণি জানটো সকলোৰে চকুৰ আগতে মৃত্যু হয় । আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বহু কেইখন গাঁৱৰ মানুহ বাৰিষাৰ সময়ছোৱাত কৃত্ৰিম বানপানীৰ কৱলত পৰাৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। আনহাতে বিগত সময়চোৱাত অঞ্চলটোৰ সচেতন ৰাইজ তথা বিভিন্ন দল সংগঠনে কালমণি জানটো উদ্ধাৰ আৰু বাৰিষা আহিলে ৰাইজে হবলগীয়া সমস্যাৰ বিষয়ে বহুবাৰ বিভাগীয়ভাৱে চৰকাৰক আবেদন জনাই আহিছিল যদিও কোনোধৰণৰ সুফল পোৱা নাছিল। কিন্তু যোৱা এপ্ৰিল মাহৰ শেষত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত কালমণি নৈ উদ্ধাৰ বাবে নামি পৰে পলাশবাৰী জলসম্পদ সংমণ্ডল । পলাশবাৰী জলসম্পদ বিভাগৰ দায়িত্ববাহী ঠিকাদাৰ , অভিযন্তাৰ তৎপৰতাত মে আৰু জুন মাহত দিনে-নিশাই কেবাখনো জে চি বিৰে খনন কার্য চলোৱা হয় মানুহৰ অত্যাচাৰত মৃত্যু হোৱা কালমণি জানত । আনকি আজাৰা ৰাজহ চক্ৰ আৰু থানাৰ সহযোগত দলং , কালভাৰ্ট , দোকান – পোহাৰকে ধৰি সকলো ধৰণৰ অবৈধ নিৰ্মাণকার্য উচ্ছেদ কৰি ভাঙি পেলোৱা হয় । এই সন্দৰ্ভত কালমণি জানৰ পুনৰ উদ্ধাৰৰ দায়িত্বত থকা পলাশবাৰী জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দ্বীপেন শৰ্মাই সদৰি কৰা অনুসৰি ইতিমধ্যে জুন মাহৰ মাজ ভাগৰ পৰা কালমণি জানটো যিখিনী অংশৰ পৰা বন্ধ হৈ আছিল অৰ্থাৎ বি এছ এফৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পৰা অৰ্জুনগুৰী দলঙলৈকে স্বাভাৱিক ভাবে কালমণিৰে পানী বৈ আছে । আনকি বহু বছৰৰ মূৰত বাৰিষাৰ সময়ত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখত কাৰ্যালয় চৌহদটো জলমগ্ন হৈ থকাৰ পৰা ৰক্ষা পৰিছে । অৱশ্যে যদি ৰাইজে পুনৰ জানটোৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে তেন্তে পুনৰ কালমণিৰ মৃত্যু হোৱাটো নিশ্চিত বুলি কাৰ্যবাহী অভিযন্তা গৰাকীয়ে সদৰি কৰিছে ।

Comments (0)
Add Comment