সাংস্কৃতিক সঞ্চালকালয়, অসম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ‌সহযোগত অসম কলাতীৰ্থৰ তিনিদিনীয়া নাট সমাৰোহ

আজিৰ খবৰ, গুৱাহাটী, ১৪ জুলাই, ২০২২ : সাংস্কৃতিক সঞ্চালকালয়, অসম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ‌সহযোগত অসম কলাতীৰ্থৰ তিনিদিনীয়া নাট সমাৰোহটো‌ যোৱা ১১,১২, আৰু ১৩ জুলাইত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সফল‌ সমাপ্তি হয়। নাট সমাৰোহৰ প্ৰথম নিশা প্ৰথম দৰ্শনীত নাট্যকাৰ লতিফ উদ্দিন আহমেদৰ ৰচনা আৰু ধ্ৰুৱ কুমাৰ দাসৰ পৰিচালনাৰে “মই মৰমীয়ে কৈছোঁ” আৰু দ্বিতীয় দৰ্শনীত ডঃ পৰমানন্দ ৰাজবংশীৰ ৰচনা আৰু মনোজ কুমাৰ বৈশ্যৰ পৰিচালনাৰে “চক্ৰৱৎ” নাট দুখন মঞ্চস্থ কৰা হ’য়। উক্ত নাট্য সন্ধিয়াটো শুভ উদ্বোধন কৰে বন বিভাগৰ মুখ্য সংৰক্ষক প্ৰধান মহেন্দ্ৰ কুমাৰ যাদৱ দেৱে। সমাৰোহৰ দ্বিতীয় নিশা প্ৰফুল্ল বৰ্মনৰ ৰচনা আৰু প্ৰভাত গোস্বামীৰ পৰিচালনাৰে ” আমাৰ লক্ষ্মীনাথ'” নাটখনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পৰিবহন আৰু আবকাৰী বিভাগৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্য দেৱে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড়‌ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰ‌প্ৰাপ্ত অধ্যাপক তথা নাট সমালোচক ডঃ পোনা মহন্ত দেৱে। উল্লেখযোগ্য যে নাটখন‌ উপভোগ কৰি‌ অতিশয় আনন্দিত‌মনে এই নাটখন বৰাক উপত্যকাৰ শিলচৰত মঞ্চস্থ কৰাৰ আহ্বান জনাই নাটখনি মঞ্চস্থ কৰোতে হ’বলগীয়া সমস্ত খৰচৰ দায়িত্ব ল’ব বুলি মন্ত্ৰী ‌শুক্লবৈদ্য দেৱে জনায়।‌ শেষৰ দিনা দৰ্শকৰ‌ বিপুল দাবীত “চক্ৰৱৎ” আৰু “আমাৰ লক্ষ্মীনাথ” এই দুয়োখন নাট পুনৰ মঞ্চস্থ কৰা হয়।‌ নাট সন্ধিয়াত লেখক,‌ নাট্যকাৰ,‌ বোলছবি নিৰ্মাতা পদ্মশ্ৰী ডঃ সূৰ্য হাজৰিকা প্ৰমুখ্যে কেবাজনো গণ্য- মান্য ব‌ক্তি উপস্থিত থাকি ৰসৰাজ সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তিৰ সমুখত বন্তি প্ৰজ্বলনেৰে বেজবৰুৱা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰকাশ থাকে যে অসম কলাতীৰ্থৰ তিনিদিনীয়া নাট সমাৰোহত‌ প্ৰেক্ষাগৃহ দৰ্শকেৰে ঠাহ খাই পৰে। অসম কলাতীৰ্থৰ সভাপতি ডঃ বলেন্দ্ৰ কুমাৰ দাস আৰু মুখ্য উপদেষ্টা ডঃ পৰমানন্দ ৰাজবংশীয়ে ১৯৯০ চনতে জন্মগ্ৰহণ কৰা অসম কলাতীৰ্থৰ জন্ম , কৰি অহা কামবোৰৰ‌ বিষয়ে আৰু ইয়াৰ উদ্দেশ্য আদিৰ বিষয়ে চমু ভাষণ ৰাখে। নাট সমাৰোহৰ ‌সভাপতি প্ৰফুল্ল বৰ্মন, উপ সভাপতি গোপাল জালান‌কে প্ৰমুখ্য কৰি‌ অসম কলাতীৰ্থৰ সদস্য তথা বিষয়- ববীয়া সকল‌ উপস্থিত থাকি তিনিদিনীয়া নাট সমাৰোহটো‌ সফল‌ সম্পন্ন কৰা বাবে ‌সভাপতি প্ৰফুল্ল বৰ্মনে‌‌ অসম কলাতীৰ্থৰ‌ সদস্য তথা বিষয়-ববীয়া সকলৰ লগতে‌ নাট সমাৰোহৰ‌ লগত জড়িত‌ আটাইবোৰ সদস্য , অভিনেতা- অভিনেত্ৰী, কলা-কুশলী আৰু‌ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ শলাগ লয়।

Comments (0)
Add Comment