জুবিন গাৰ্গৰ উন্নত চিকিৎসা সন্দৰ্ভত কি নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে?

আজিৰ খবৰ, গুৱাহাটী, ২০ জুলাই, ২০২২ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক নিৰ্দেশ দিছে৷ প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ মুখ্যমন্ত্ৰীয়ে লগতে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে৷

Comments (0)
Add Comment