গুৱাহাটী মহানগৰীৰ ৰাজপথত পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত যান বাহন আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে ডি টি অ প্ৰৱৰ্তক শাখাৰ অভিযান

তিনিদিনত ৮১ টা গোচৰ ; ১৯ জন সুৰাপায়ী চালকক আটক

আজিৰ খবৰ, গুৱাহাটী , ৩১ জুলাই, ২০২২ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত দুৰ্ঘটনাৰ সংখ্যা নূন্যতম কৰি কেনেকৈ অসমক দুৰ্ঘটনা মুক্ত ৰাজ্যলৈ পৰিণত কৰিব পাৰি তাৰ বাবে হাতে কামে নামি পৰিবলৈ পৰিবহণ বিভাগ আৰু আৰক্ষীক নিৰ্দেশ দিছে । আনহাতে সেই নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষা দিশটোত কোনো ধৰণৰ আপোচ নকৰিবলৈ ৰাজ্যৰ সকলো জিলা পৰিবহণ বিষয়াক ( ডি টি অ ) নিৰ্দেশ দিছে । আনহাতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসম আৰু বিভাগীয় মন্ত্ৰীৰ পথ সুৰক্ষা দিশটোত আপোচ নকৰা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা ডি টি অৰ ( প্ৰৱৰ্তক ) নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক আৰু প্ৰৱৰ্তক চেকাৰ সকলে নিশাৰ ভাগত গুৱাহাটী মহানগৰীত যান বাহন ভংগ কৰি ৰাজপথত বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ সহযোগত ধাৰাবাহিক অভিযান চলাই আছে । বিভাগীয় সূত্ৰই সদৰি কৰা অনুসৰি ২৮ , ২৯ আৰু ৩০ জুলাইত অৰ্থাৎ তিনিটা নিশাত গুৱাহাটীৰ বিভিন্ন ৰাজপথ , উৰণীয়া সেঁতুৰ তলত ডি টি অৰ ( প্ৰৱৰ্তক ) নেতৃত্বত অভিযানকাৰী দলটোৱে সুৰাপান কৰি বাহন চলোৱা , মবাইল ফোনত কথা পাতি বাহন চলোৱা , চাৰিচকীয়া বাহনৰ চালক – আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা , দুচকীয়া বাহনৰ চালক বা আৰোহীয়ে হেলমেট পৰিধান নকৰা , বিভাগীয় নিৰ্দেশনা উলংঘা কৰি অধিক গতিবেগত বাহন চলোৱা , চলন্ত অৱস্থাত চিটিবাছৰ দুৱাৰ খোলা ৰখা , যাত্ৰীক অভদ্ৰ আচৰণ কৰা , সক্ষমতা বা ফিটনেছৰ প্ৰমাণ পত্ৰ নথকাকে ধৰি মুঠ ৮১ টা আইন উলংঘনৰ ঘটনা ধৰা পেলায় আৰু মটৰ পৰিবহণ আইনৰ অধীনত গোচৰ ৰজু কৰে । ইয়াৰ ভিতৰত নিৰ্ধাৰিত পৰিমাণতকৈ অধিক মাত্ৰাত সুৰাপান কৰা ১৯ জন চালকক আটক কৰা হয় । বিভাগীয় সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটীৰ ৰাজপথত সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰায় ৭০ শতাংশ চালকে অধিক গতিবেগত চলোৱাৰ বাবে হোৱা বুলি নিশ্চিত তথ্য পোৱা গৈছে । যাৰ বাবে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ডি টি অ সকলক যান বাহন আইন উলংঘা কৰি ৰাজপথত বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছে । উল্লেখযোগ্য যে বিগত সময়চোৱাত অভিযানকাৰী দলটোৱে গুৱাহাটীত ৩১ খন চিটিবাছ জব্দ কৰিছে ।

Comments (0)
Add Comment