নিউ গুৱাহাটী কোষাগাৰৰ গাণনিক অৰবিন্দ দাসক বিদায় সম্বৰ্ধনা

আজিৰ খবৰ, গুৱাহাটী , ৪ আগষ্ট, ২০২২ : সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্হাৰ দুবাৰকৈ সাধাৰণ সম্পাদকৰ পদ অলঙ্কৃত কৰা তথা নিউ গুৱাহাটী কোষাগাৰৰ গাণনিক অৰবিন্দ দাসে যোৱা ৩১ জুলাইত অবসৰ গ্ৰহণ কৰে । কৰ্মজীৱনৰ শেষ দিনটোত নিউ গুৱাহাটী কোষাগাৰৰ সমূহ কৰ্মীবৃন্দই আয়োজন কৰা এক সভাত অৰবিন্দ দাসক বিদায় সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য ২০১৪ চনৰ পৰা দুবাৰকৈ সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্হাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰাৰ উপৰিও দাসে সদৌ অসম কৰ্মচাৰী সন্হাৰ কোষাধ্যক্ষৰ পদ ও অলংকৃত কৰি আছে । আনহাতে অসম বিত্ত সেৱা সন্থাৰ প্ৰচাৰ সম্পাদক আৰু নিউ গুৱাহাটী কোষাগাৰৰ কোষাগাৰ প্ৰাধিকাৰী পৰেশজিৎ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্হাৰ সাংগাঠনিক সম্পাদক বিশ্বজিত বৰ্মণ, সহকাৰী সম্পাদক মৃণাল কলিতা, কুদ্দুচ আলী,মৌচম ডেকা,বিশ্বজিত দাস,জমিন ৰাহাং, প্ৰাঞ্জল বৰুৱাকে ধৰি কেবাজনেও অৰবিন্দ দাসৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি অনাগত দিনটো বিভাগক দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা প্ৰকাশ কৰে ।
আনহাতে ৩১ জুলাইত সদৌ অসম কৰ্মচাৰী সন্হাৰ দ্বাৰা অনুস্হিত আন এক সভা কোষাগাৰ প্ৰাংগনত অনুষ্ঠিত হয় । সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মূখ্য উপদেষ্টা বাসব কলিতা,সভাপতি প্ৰদীপ দত্ত, উপ সভাপতি দ্বীপেন শৰ্মা, সম্পাদক প্ৰধান শ্যামন্ত দাসকে ধৰি কেবাজনেও অৰবিন্দ দাসক বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে ।

Comments (0)
Add Comment