কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কচু খেতিৰ ওপৰত সজাগতা সভা

আজিৰ খবৰ, গুৱাহাটী , ২৫ আগষ্ট, ২০২২ : পশ্চিম গুৱাহাটীৰ আজাৰা কাহিকুঁছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত আৰু কেন্দ্ৰৰ মূৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাৰ নেতৃত্বত কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়কুচি গাঁৱত আজি অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অধীনত এক সজাগতা সভা অনুষ্ঠিত হয় । উল্লেখযোগ্য যে জয়কুচি গাঁওত কচু শস্য প্রকল্পৰ সাহায্যত ২০ জন কৃষক মিলি আহিনীয়া কচুৰ খেতি কৰিছে । কচুৰ বীজ, চাহিদা আৰু বজাৰ দখল কৰাৰ লক্ষ্যৰে ৪০ জনৰো অধিক গাঁওবাসীৰ মাজত কচুখেতিৰ ওপৰত কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যান শস্য বিশেষজ্ঞা ডঃ দৰদী প্রিয়ম দুৱৰাই চমুকৈ বাখ্যা দাঙি ধৰে । আনহাতে সভাত কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী আৰু বিশেষজ্ঞ ৰিজুৱানূল হেলিমও সহযোগ কৰে।

Comments (0)
Add Comment