ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

আজিৰ খবৰ, গুৱাহাটী, ৩০ আগষ্ট, ২০২২ : ডা: হেডগেৱাৰ স্মাৰক সমিতি, গুৱাহাটীৰ উদ্যোগত মহানগৰীৰ বৰবাৰী সুদৰ্শনালয় ভৱনৰ প্ৰাংগনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। পুৱা ৯ বজাৰ পৰা, দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হোৱা এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী মহানগৰীৰ মাধৱ নগৰ শাখাৰ সংঘ চালক বশিষ্ঠৰাম ডেকা আৰু জেষ্ঠ প্ৰচাৰক ভাস্কৰ কুলকাৰ্নীয়ে । ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত আৰু প্ৰতীক্ষা হস্পিতালৰ সহযোগত আয়োজিত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত হেঙেৰাবাৰী, বৰবাৰী, চছল, মেগাজিন, পাথৰকুৱেৰী, নাৰেংগী অঞ্চলৰ পৰা আহা ২২৮ গৰাকী পুৰুষ-মহিলা, শিশুৱে অংশগ্ৰহণ কৰে, যত বিনামূলীয়াকৈ ঔষধো যোগান ধৰা হয়। এই চিকিৎসা শিবিৰত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় মেডিচিন বিশেষজ্ঞ ক্ৰমে ডা: অভিজিৎ দে, ডা: অঞ্জনজ্যোতি শৰ্মা, ডা: আল্পনা বৈশ্য আৰু শিশুৰোগ বিশেষজ্ঞ ক্ৰমে ডা:চিৰঞ্জীৱ দেৱ নাৰায়ণ আৰু ডা:বৰ্ষা বৰঠাকুৰে।

Comments (0)
Add Comment