ড্ৰাগছৰ ভয়াবহতাৰ সন্দৰ্ভত সমাজত সজাগতা সৃষ্টিৰ প্ৰয়াস বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ

এইবাৰ নাগাৰা নাম আৰু পুতলা নাচেই হ'ব বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজাৰ মুল আকৰ্ষণ : নাথাকিব কোনোধৰণৰ অত্যাধুনিকতাৰ চমক

আজিৰ খবৰ, গুৱাহাটী, ১৫ ছেপ্টেম্বৰ, ২০২২ : বৰ্তমান যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি যঠেষ্ট পৰিমাণে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এই মাৰাত্মক সমাজিক ব্যাধি ৰোধৰ ক্ষেত্ৰত বিভিন্ন সামাজিক তথা আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ই সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল এতিয়াও হোৱাই নাই। তেনেসময়তে এইবাৰ ড্ৰাগছৰ ভয়াবহতাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে। বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সভাপতি মহিধৰ কলিতা আৰু সম্পাদক দিজেন্দ্ৰজিৎ কাকতিয়ে লগতে কয় যে, বিগত দুটা বছৰত ক’ভিড-১৯ এ বিভিষীকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত একেবাৰে নুন্যতম ধনেৰে পূজা সম্পন্ন কৰা হৈছিল যদিও, এইবাৰ যিহেতু পৰিবেশ পৰিস্থিতি কিছু উন্নত, সেয়েহে প্ৰায় ৮ লাখ টকাৰ বাজেটৰ ভিতৰত খৰছ হব। ৩১ তম বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজাত আন পূজা সমূহৰ দৰে নাথাকে কোনোধৰণৰ অত্যাধুনিক জাক-জমকতা কিন্তু তাৰ বিপৰীতে থাকিব কেৱল মাত্ৰ আধ্যাত্মিকতা, লগতে থাকিব নাগাৰা নাম । নাৰেংগীত নিৰ্মিয়মান হৈ থকা, প্ৰায় ৩০ হাজাৰ টকা ব্যয়ৰে বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজাৰ প্ৰতিমা দান কৰিব কল্পনা লহকৰে। লগতে বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজাৰ আশেপাশে থকা তিনিওটা ৰাস্তা পোহৰাই তুলিবলৈ লাইটৰ যি ব্যৱস্থা কৰা হ’ব তাৰ বিনিময়ত প্ৰায় ৮০ হাজাৰ টকা খৰচ হব বুলি অৱগত কৰে বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সভাপতি আৰু সম্পাদকে। ইফালে অসমৰ পৰা প্ৰায় হেৰাই যাৱলৈ এক কলাক ধৰি ৰখাৰ প্ৰয়াসৰে নৱমী বিহীত পূজাৰ দিনা প্ৰদৰ্শন কৰা হব পুতলা নাচ, যত প্ৰায় ২০ পৰা ৩০ হাজাৰ লোক সমাগত হোৱাৰ লগতে ৫ দিনীয়া পূজাত প্ৰায় ২ পৰা ৩ লাখ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা আশা প্ৰকাশ কৰে বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে।

Comments (0)
Add Comment