শিশু সাৰথিৰ উদ্যোগত বি বৰুৱা মহাবিদ্যালয় আৰু আৰ্য মহাবিদ্যালয়ৰ প্ৰাংগনত বাটৰ নাট

আজিৰ খবৰ, গুৱাহাটী, ২৭ ছেপ্টেম্বৰ, ২০২২ : বিকলাঙ্গ লোক তথা সমাজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে আজি আয়োজন কৰা দুটাকৈ স্থানত বাটৰ নাট। প্ৰায় ২০ জনকৈ কলা-কুশলীয়ে অভিনয় কৰিছে এই বাটৰ নাটত।

 

শিশু সৰোথিয়ে গুৱাহাটীৰ দুখন চৰকাৰী মহাবিদ্যালয়, প্ৰথমে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু বি.বৰুৱা মহাবিদ্যালয়ত মূলসুঁতিৰ সমাজত বিকলাঙ্গ ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰাৰ গুৰুত্ব প্ৰচাৰ কৰাৰ বাবে এক সম্প্ৰদায় সংবেদনশীল মাধ্যম হিচাপে এনেদৰে সুন্দৰকৈ বাটৰ-নাটৰ আয়োজন কৰে। মহাবিদ্যালয়ৰ সকলো শিক্ষাৰ্থী, শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলে এই বাটৰ নাটত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

এই বাটৰ নাটত উপস্থিত থাকে চেণ্টাৰ ফৰ ইনক্লুচিভ এডুকেশ্বনৰ উপ-সঞ্চালক মৃদুলা বৰুৱাই। চেণ্টাৰ ফৰ ইনক্লুচিভ এডুকেশ্বনৰ উপ-সঞ্চালক মৃদুলা বৰুৱাই কয় যে, বিকলাঙ্গ কি, বা বিকলাঙ্গ লোক যে সমাজত কেতিয়াও অৱহেলিত হব নোৱাৰে, তাৰ বাবে সজাগতা সৃষ্টি কৰাৰ লগতে বিভিন্ন সা সুবিধা ইত্যাদি সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই বাটৰ নাটৰ আয়োজন কৰা হয়। লগতে আজিৰ প্ৰজন্মই যাতে বিকলাংগ কি ভাল দৰে বুজি পায়, বা বিকলাঙ্গ লোক সকলো যে সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ সেয়া প্ৰচাৰ কৰাৰ উদ্দ্যেশে গুৱাহাটী মহানগৰীৰ দুখনকৈ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান বি বৰুৱা মহাবিদ্যালয় আৰু আৰ্য মহাবিদ্যালয়ৰ প্ৰাংগনত বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

Comments (0)
Add Comment