এ পি এছ চি ত ৫৮ সংখ্যক স্থান লাভ মানবেন্দ্ৰ দাসৰ

আজিৰ খবৰ,গুৱাহাটী,২৬ অক্টোবৰ : সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত (এ পি এছ) ৫৮ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে মেধাবী ছাত্ৰ মানবেন্দ্ৰ দাসে। গুৱাহাটীৰ নুনমাটিৰ ২ নং মঠঘৰীয়াৰ শিৱ নগৰ নিবাসী মানবেন্দ্ৰ দাসে
বি এছ চি উত্তীৰ্ণ হোৱাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ পৰা এনথ্ৰপ’লজিত স্নাতকোত্তৰ উত্তীৰ্ণ হৈ বৰ্তমান পি এইছ ডি কৰি আছে। ২৮ বছৰীয়া মানবেন্দ্ৰ দাস সম্প্ৰতি হাইলাকান্দিৰ কাটলি চিৰাত
সমাজ কল্যান বিভাগৰ সংহত শিশু উন্নয়ন বিষয়া (চি ডি পি অ’) হিচাপে কৰ্মৰত ।মেধাবী ছাত্রগৰাকীয়ে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ পিতৃৰ নাম হৰকান্ত দাস আৰু মাতৃৰ নাম জুনু দাস। এক অঞ্চলটোৰ বাবে দাসে দক্ষতা, সততা, বস্তুনিষ্ঠতা, নিৰপেক্ষতা আৰু ৰাজহুৱা দায়বদ্ধতাৰ প্ৰতীক বুলি অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰে। এজন অতি সৎ আৰু নিকা ভাবমূর্তিৰ প্রশাসনিক বিষয়াৰ লগতে সমাজসেবক হিচাপে ভবিষ্যতে এই অঞ্চলৰ এজন আদর্শবান ব্যক্তি হ’ব বুলি অঞ্চলবাসীয়ে আশা প্ৰকাশ কৰে।

Comments (0)
Add Comment