এল জি অ’ এল ই ডিলৈ ২০২৩ চনৰ তিনিটা ‘বেষ্ট অৱ ইনোভেচন’ বঁটা

আজিৰ খবৰ,গুৱাহাটী, ২৮ নৱেম্বৰ, ২০২২ — এল জি ইলেক্ট্ৰনিকছে (এল জি) শেহতীয়া জীৱনশৈলী সমাধানৰ প্ৰযুক্তিগত আৰু ডিজাইনৰ উৎকৰ্ষতাৰ বাবে স্বীকৃতি লাভ কৰি বহুকেইটা- দুটা ডজনতকৈ অধিক চি ই এছ ২০২৩ উদ্ভাবনী বঁটাৰে সন্মানীত কৰা হয়। কম্পিউটাৰ পেৰিফেৰেল, গেমিং আৰু ভিডিঅ’ ডিসপ্লে শাখাত এল জি অ’ এল ই ডিৰ বাবে তিনিটা আকাংক্ষিত বেষ্ট অৱ ইনোভেচন, পুৰস্কাৰৰো এই বঁটাত অন্তর্ভুক্ত কৰা হৈছে।
প্ৰতি বছৰে কনজিউমাৰ টেকন’লজি এছ’চিয়েশ্যনে (চিটিএ) চিইএছৰ আঁৰৰ সংস্থা’ ৰ দ্বাৰা প্ৰদান কৰা ই এক বিশ্বৰ সৰ্ববৃহৎ বাৰ্ষিক কনজিউমাৰ ইলেক্ট্ৰনিক্স ট্ৰেডশ্ব। চিইএছ উদ্ভাবনী বঁটা কাৰ্যসূচীয়ে বহুসংখ্যক ডিভাইচ আৰু প্ৰযুক্তি বিভাগৰ উদ্ভাৱনীমূলক গ্ৰাহক সামগ্ৰী আৰু সেৱাসমূহক স্বীকৃতি প্রদান কৰে । চি ই এছ ২০২৩ ত এল জিয়ে লাভ কৰিবলগীয়া ২৮টা সন্মানৰ ভিতৰত ১০টা সন্মান লাভ কৰে এল জি অ’ এল ই ডি টিভি য়ে । কোম্পানীটোৰ চেল্ফ-লাইট (self -lite) টিভিসমূহে চি ই এছ ইনোভেচন বঁটা একেৰাহে ১১ বছৰ লাভ কৰে । বিভিন্ন উদ্ভাৱনীমূলক প্রযুক্তিৰে সৈতে গ্ৰাহকক বিভিন্ন ধৰণৰ দৰ্শনৰ অভিজ্ঞতা প্ৰদান কৰা এল জি অ’ এল ই ডি টিভিসমূহক ইয়াৰ ব্যতিক্ৰমী ছবিৰ মানদণ্ডৰ বাবে বিশ্বজুৰি গ্ৰাহকে মূল্যৱান বুলি গণ্য কৰে । এই চেল্ফ-লাইট (self -lite) টিভিসমূহে, স্পন্দনশীল, সঠিক ৰং, গভীৰ ক’লা আৰু অসীম কনট্ৰাষ্ট প্ৰদান কৰে। ৮৮ ইঞ্চিৰ এল জি চিগনেচাৰ অ’ এল ই ডি ৮ কে টিভিক তিনিটা শাখাত স্বীকৃতি দিয়া হয়, লগতে উদ্দীপিত কৰা অতি বৃহৎ ৯৭ ইঞ্চিৰ অ’ এল ই ডি আৰু এল জি অ’ এল ই ডি ফ্লেক্স, বিশ্বৰ প্ৰথমটো বেকা কৰিব পৰা ৪২ ইঞ্চিৰ অ’ এল ই ডি স্ক্ৰীণৰ যুগান্তকাৰী টিভিয়ে দুটাকৈ সন্মান লাভ কৰিছিল। চি ই এছ ২০২৩ ইনোভেচন বঁটা বিজয়ী হিচাপে নিৰ্বাচিত এল জিৰ ঘৰুৱা সঁজুলিসমূহৰ ভিতৰত আছে বায়ু বিশুদ্ধকৰণৰ নতুন ধাৰণা এল জি পিউৰিকেয়াৰ এৰো ফাৰ্নিচাৰ। লগতে সন্মানিত হৈছে ষ্টীম মপৰ সৈতে প্ৰিমিয়াম এল জি কৰ্ডজিৰ’ অল-ইন-ৱান টাৱাৰ। আন আন বিজয়ী সামগ্ৰীৰ ভিতৰত আছে এল জি ৱাছটাৱাৰ কম্পেক্ট, এল জি আল্ট্ৰাগিয়াৰ অ’ এল ই ডি গেমিং মনিটৰ আৰু এল জি এক্সবুম ৩৬০ ব্লুটুথ স্পীকাৰ চিষ্টেম।
এল জিৰ চি ই এছ ২০২৩ ইনোভেচন বঁটা লাভকাৰীৰ সম্পূৰ্ণ তালিকা চি ই এছ ২০২৩ (৫-৮ জানুৱাৰী, ২০২৩)ত ঘোষণা কৰা হ’ব।

Comments (0)
Add Comment