ন’-কোড টেকনোলজী প্লেটফৰ্ম কুইক্সি-এ ছফ্টৱেৰ বিকাশৰ লোকতন্ত্ৰীকৰণৰ জৰিয়তে ডিজিটেল ৰূপান্তৰৰ কল্পনা কৰিছে

আজিৰ খবৰ, গুৱাহাটী, ১১ ডিচেম্বৰ ,২০২২ : গভকানেক্ট ৰাষ্ট্ৰীয় ডিজিটেল ৰূপান্তৰ সন্মিলনৰ ৮মটো সংস্কৰণ চহৰখনত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত জ্যেষ্ঠ নীতি নিৰ্ধাৰক, প্ৰশাসনিক বিষয়া আৰু উদ্যোগপতিসকলে ভাৰতত ডিজিটেল বিপ্লৱক অন্য এক মাত্ৰা প্ৰদান কৰাৰ বিষয়ে আলোচনা কৰাৰ ক্ষেত্ৰত সক্ৰিয় উৎসাহ প্ৰদৰ্শন কৰে। কুইক্সি  (ভিভিড মাইণ্ডছ টেকনোলজীছ প্ৰাইভেট লিমিটেড), এটা আগশাৰীৰ ন’-কোড ৱৰ্কফ্ল’ অটোমেশ্যন আৰু এণ্টাৰপ্ৰাইজ এপ্লিকেশ্যন ডেভেলপমেণ্ট প্লেটফৰ্মে, ডিজিটেল ৰূপান্তৰ সন্মিলনখনৰ অনুষ্ঠানত ন’-কোড প্ৰযুক্তিৰ শক্তিৰ সৈতে পৰিচয় কৰাই দিয়ে। ন’-কোড প্ৰযুক্তিয়ে মানুহক কোড লিখিব নলগাকৈ বা আনকি কোড কৰিব নজনাকৈয়ে ছফ্টৱেৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মানুহক সক্ষমিত কৰাৰ ধাৰণাটো উপলব্ধি কৰায়।

 

এই অনুষ্ঠানতে কুইক্সি-ক ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন প্লেটফৰ্ম অফ দ্য ইয়েৰ বঁটাৰে পুৰস্কৃত কৰা হয়। কুইক্সি প্লেটফৰ্মখনক ছফ্টৱেৰ বিকাশৰ লোকতন্ত্ৰীকৰণ ব্যৱস্থাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰতিটো ৰাজহুৱা বা ব্যক্তিগত উদ্যোগক ডিজিটাইজ কৰাৰ দৃষ্টিভংগীৰে বিকশিত কৰা হৈছিল। সকলোৱে কোড কৰিব নজনাকৈয়ে নিজৰ অনন্য প্ৰয়োজনীয়তাসমূহৰ বাবে স্বনিৰ্বাচিত আইটি এপ্লিকেশ্যনবোৰ নিৰ্মাণ কৰিব পাৰিব লাগে, এই কথাটোৰ ওপৰতে কুইক্সি-এ গুৰুত্ব আৰোপ কৰে।

 

কুইক্সি-ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত গৌতম নিম্মাগড্ডা ডাঙৰীয়াই পেনেলৰ এগৰাকী বক্তা হিচাপে দৃঢ়তাৰে কয় যে, আজি চৰকাৰী বিষয়াসকলক এনে কেতবোৰ এপ্লিকেশ্যন ডেভেলপমেণ্ট প্লেটফৰ্মৰ প্ৰয়োজন যিবোৰ এপ্লিকেশ্যনসমূহ দ্ৰুতভাৱে নিৰ্মাণ আৰু ৰোলআউট কৰাত ব্যৱহাৰ কৰিব পৰাৰ লগতে নীতিৰ ক্ৰমবিকাশৰ লগে-লগে সেইবোৰত সহজেই পৰিৱৰ্তন আনিব পাৰি। কুইক্সি-ৰ দৰে কোডবিহীন ন্যূনতম কোডৰ প্লেটফৰ্মে সেই ক্ষমতা চৰকাৰী বিভাগসমূহলৈ আনে য’ত প্ৰতিটো বিভাগে কোনো কোড লিখিব নলগাকৈ নিজৰ অনন্য প্ৰয়োজনীয়তাসমূহৰ বাবে পৰম্পৰাগত পদ্ধতিৰ তুলনাত ১০ গুণ বেছি ক্ষিপ্ৰতাৰে এপ্লিকেশ্যনবোৰ প্ৰস্তুত কৰিব পাৰে।

 

কুইক্সি-ৰ দৰে ন’ কোড টেকনোলজী প্লেটফৰ্মবোৰে “কোড লিখাৰ ক্ষমতা”টো এই ক্ষেত্ৰখনৰপৰা অপসাৰণ কৰে আৰু অ-কাৰিকৰী কৰ্মশক্তিক সমাধান উলিওৱাত অংশগ্ৰহণ কৰিবলৈ সক্ষমিত কৰে। কম্পিউটাৰৰ মৌলিক জ্ঞান থকা যিকোনো লোকে কোড নিলিখাকৈয়ে প্ৰক্ৰিয়াসমূহ স্বয়ংক্ৰিয় কৰি তোলাৰ লগতে ছফ্টৱেৰ এপ্লিকেশ্যনবোৰ প্ৰস্তুত কৰিব পাৰে আৰু বুটাম এটা ক্লিক কৰিয়েই সেইবোৰ কামত লগাব পাৰে। এগৰাকী বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় বিশ্লেষক গাৰ্টনাৰ-এ ভৱিষ্যদ্বাণী কৰিছে যে 2025 চনৰ ভিতৰত 70% নতুন এণ্টাৰপ্ৰাইজ এপ্প ন্যূনতম কোড বা কোডবিহীন প্ৰযুক্তি ব্যৱহাৰ কৰি সৃষ্টি কৰা হ’ব।

 

এই অনন্য প্ৰযুক্তিৰ বিষয়ে মন্তব্য আগবঢ়াই কুইক্সি-ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত গৌতম নিম্মাগড্ডা ডাঙৰীয়াই কয়, “মই বিশ্বাস কৰোঁ যে উৎকৃষ্ট প্ৰশাসন প্ৰথমতে – অসাধাৰণ নেতৃত্ব আৰু দ্বিতীয়তে – ভাল নীতিৰ পৰাই আহে। এটা সক্ষমিত কৰি তোলা শক্তি হিচাপে তৃতীয় স্থানত আহে প্ৰযুক্তি। গাঁও আৰু দুৰ্গম অঞ্চলসমূহকে ধৰি সমগ্ৰ জনসাধাৰণে গ্ৰহণ কৰিব পৰা সমাধান বিচাৰি উলিওৱা ব্যৱস্থাৰ ক্ষেত্ৰত স্থানীয় পৰিস্থিতিৰ ওপৰত সম্যক জ্ঞান থকাৰ লগতে গ্ৰহণত বাধাৰ সৃষ্টি কৰা সমস্যাটো বুজি পোৱা লোকসকলক জড়িত কৰোৱাটো প্ৰয়োজন। কুইক্সি-ৰ দৰে কোডবিহীন প্লেটফৰ্মবোৰে সেইসকল চৰকাৰী বিষয়াক ক্ষমতা প্ৰদান কৰে যিসকলে সমাধান বিচাৰি উলিওৱা ব্যৱস্থাৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হয়, যিবোৰ ক্ষমতাৰ দ্বাৰা এই সমাধানসমূহ গ্ৰহণ কৰাটো বৃদ্ধি হয়। ন’-কোডৰ যোগেদি, এই সমাধানসমূহ ১০ গুণ পৰ্যন্ত ক্ষিপ্ৰতাৰে প্ৰস্তুত কৰিব পাৰি, আৰু পৰিৱৰ্তিত নীতি তথা প্ৰয়োজনীয়তাসমূহৰ সৈতে খাপ খুৱাই অতি দ্ৰুতভাৱে সংশোধন আৰু পুনৰ নিয়োগ কৰিব পাৰি”

 

হায়দৰাবাদত মুখ্য কাৰ্যালয় থকা এই প্ৰযুক্তি কোম্পানীটোৰ 250 জনতকৈ অধিক বিশেষজ্ঞৰ এটা দলে, দূৰৱৰ্তী পদ্ধতিৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কাম কৰি আছে।

Comments (0)
Add Comment