নিউজ ডেস্ক আজিৰ খৱৰ,২৯মাৰ্চ২০২৩:
গ্ৰীণ ভেলী ট্ৰেভেলচৰ বেনাৰত মুকলি কৰা ” য়ামাহা ব্লু স্কোৱেৰ ২০০০ বৰ্গফুট ঠাইত বিভিন্ন অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। তাৰোপৰি ৪০০০ বৰ্গফুট ঠাই সামৰি লোৱা য়ামাহাৰ ৱৰ্কশ্বপটো অঞ্চলটোৰ অন্যতম বৃহৎ দুচকীয়া বাহনৰ ৱৰ্কশ্বপ হিচাপে পৰিগণিত হৈছে। এই অত্যাধুনিক ৱৰ্কশ্বপত বিক্ৰী , সেৱাৰ লগতে গ্ৰাহকে সকলো সমস্যাৰ সমাধান লাভ কৰিব।
ডিলাৰশ্বীপ মুকলি অনুষ্ঠানত গ্ৰীণ ভেলী ট্ৰেভেলছৰ সঞ্চালক অভিষেক গোস্বামীয়ে কয় যে – গ্ৰীণ ভেলী ট্ৰেভেলাছ ১৯৮৫ চনৰ পৰা গাহকৰ সেৱাত নিয়োজিত হৈ আছে। এই ডিলাৰশ্বীপ উত্তৰ-পূৱ ভাৰতৰ প্ৰথম য়ামাহা ডিলাৰ আছিল। দীঘলীয়া সময়েৰে য়ামাহাৰ ডিলাৰ হিচাপে সহযোগী হ’বলৈ পায় অতিকৈ গৌৰাৱাম্বিত বুলিও উল্লেখ কৰে সঞ্চালক গৰাকীয়ে। তেওঁ পুনৰ কয় যে য়ামাহাৰ প্ৰথম চেট আপ ( ডিলাৰ) গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত আছিল। ইয়াৰ জৰিয়তে ৭৫০০০ খনতকৈ অধিক মটৰচাইকেল, স্কুটাৰ বিক্ৰী কৰা হয়। এতিয়াও গ্ৰাহকৰ সন্তুষ্টিক এক নতুন আৰু অন্য স্তৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে। অসমৰ একমাত্ৰ “৩ এছ ব্লু-স্কোৱেৰ ডিলাৰশ্বীপৰ “জৰিয়তে য়ামাহাৰ উত্তৰাধিকাৰ আৰু সফলতাক আগুৱাই লৈ যোৱাৰ উদ্দশ্যে কাম কৰা হৈছে। লগতে তেওঁ কয় যে গ্ৰীণ ভেলী ট্ৰেভেলছ অনাগত সময়তো উত্তৰ-পূৱ ভাৰতত য়ামাহাৰ ডিলাৰ হৈয়েই থাকিব।
উল্লেখযোগ্য যে য়ামাহাই তেওঁলোকৰ প্ৰিমিয়াৰ কিছু স্কুটাৰ যেনে ” মেক্সী স্পৰ্টছ এৰ’ক্স-১৫৫” বিশেষ ভাৱে কেৱল ব্লু- স্কোৱেৰ ডিলাৰশ্বীপৰ জৰিয়তে বিক্ৰী কৰে। ইণ্ডিয়া য়ামাহা মটৰ ইন আউটলেটৰ মাধ্যমেৰে বাকী প’ৰ্টফ’লিঅ’ আগবঢ়ায়। ইয়াৰ উপৰিও এই ডিলাৰশ্বীপে য়ামাহাৰ প্ৰকৃত আনুষংগিক সামগ্ৰী, য়ামাহাৰ মটৰচৰ অতিৰিক্ত অংশ ( পাৰ্টছ) ও প্ৰদৰ্শন কৰে।