ব্যতিক্রম মাছডোৰ ফেমিনা মিছ ইণ্ডিয়াৰ অনুষ্কা লেখাৰুক সম্বৰ্ধনা

 

  • নিউজ ডেস্ক আজিৰ খবৰ,২৩ এপ্রিল,:
    উত্তৰ- পূব ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠান ব্যতিক্ৰম মাছডোৰ দ্বাৰা শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে মণিপুৰত অনুষ্ঠিত ‘ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৩’ ৰ গ্ৰেণ্ড ফিনালেত শীৰ্ষ ১২ৰ চূড়ান্ত প্রতিযোগী অনুষ্কা লেখাৰুক এক বিশেষ সম্বর্ধনা জনায়। সম্বর্ধনা অনুষ্ঠানত অনুষ্কাক লেখাৰুৰ সৈতে তেওঁৰ যাত্ৰা আৰু কেনেকৈ তেওঁ নিজৰ সপোন পূৰণৰ বাবে আগবাঢ়িছে সেই বিষয়ে এক অন্তৰঙ্গ আলাপ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পুষ্টিবিদ শ্বেতা হিমৎসিংকা লগতে বার্তালাপ মিডিয়া একাডেমীৰ প্ৰতিষ্ঠাপক আৰু সাংবাদিক চক্রপাণি পৰাশৰ আৰু বহু বিশিষ্ট ব্যক্তি।
    অনুষ্কাক অভিন্দন জনাই ব্যতিক্ৰমৰ প্ৰতিষ্ঠাপক ড. সৌমেন ভাৰতীয়াই কয় যে “ অসমকন্যা অনুষ্কাই ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৩’ ৰ শীৰ্ষ ১২ৰ চূড়ান্ত প্রতিযোগী হিচাপে অসমক প্রতিনিধিত্ব কৰাটোৱেই আমাৰ বাবে গৌৰৱৰ ক্ষণ। লগতে তেওঁ ‘মিস ইকো ৱাৰিয়াৰ’ শীৰ্ষক খিতাপ লাভ কৰি সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে। ই তেওঁৰ কঠোৰ পৰিশ্ৰম দৃঢ়তা আৰু নিষ্ঠা প্রতিফলন ঘটাইছে আৰু সমগ্ৰ দেশৰ বহু উচ্চাকাংক্ষী সপোনৰ বাবে তেওঁ এক প্ৰেৰণা হিচাপে পৰিগণিত হৈছে। আজি তেওঁক অভিনন্দন জনাবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু এনে বহু অনুষ্কা ওলাই আহক সেয়ে আমি কামনা কৰিলো।”
    “ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৩ ৰ গ্ৰেণ্ড ফিনালেত শীৰ্ষ ১২ৰ চূড়ান্ত প্রতিযোগী অনুষ্কাই কয়, “আমি মোক আদৰণি জনোৱা আৰু উৎসাহিত কৰাৰ বাবে ব্যতিক্ৰম পৰিয়ালক ধন্যবাদ জনালোঁ। ফেমিনা মিছ ইণ্ডিয়া মোৰ জীৱনৰ বহুত তাৎপর্য বহন কৰা এটা শব্দ, আজি মোক এনেদৰে শুভেচ্ছা আৰু উৎসাহ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। ই এক জীৱন সলনি কৰা মঞ্চ, কাৰণ ই যুৱ প্ৰতিভাৰ আশা আৰু প্ৰেৰণাৰ উৎস।”পুষ্টিবিদ আৰু স্বাস্থ্য প্রশিক্ষক শ্বেতা হিমৎসিংকাই কয়, “ এই কাৰ্যসূচীত অংশ হ’বলৈ পাই মই সঁচাকৈ আনন্দিত। যদিও মই এজন পুষ্টিবিদ, তথাপিও মোৰ সদায় ফেসন প্রিয়। ফেমিনা মিছ ইণ্ডিয়া বৰ্ল্ড ২০২৩’ৰ দৰে এনে এক সন্মানীয় সৌন্দর্য প্রতিযোগিতাত আমাৰ অসমৰ ছোৱালীয়ে গৌৰৱ কঢ়িয়াই অনাটো সঁচাকৈয়ে প্রশংসনীয়। ব্যতিক্রম মাছডোৰ এনে পদক্ষেপক শলাগ লৈছো।উক্ত অনুষ্ঠানত উপস্থিত থাকে বার্তালাপ মিডিয়া একাডেমীৰ ছাত্ৰ- ছাত্ৰী সকলৰ লগতে বিভিন্ন
    অতিথি।
Comments (0)
Add Comment