নিউজ ডেস্ক আজিৰ খবৰ,১৪ ডিচেম্বৰ, তিতাবৰ : তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ ২০২৪-২৫ বৰ্ষৰ বঁটা ঘোষণা গ্ৰাম্য সাংবাদিক সন্থাই । সংবাদমেল যোগে এই কথা সদৰী কৰিলে গ্ৰাম্য সাংবাদিক সন্থাৰ নেতৃত্বই। এইবাৰ সংবাদ শিৰোমণি প্ৰয়াত লক্ষী দত্তৰ সোঁৱৰণী বঁটাৰ লগতে আৰু দুটাকৈ বঁটা সংযোজনৰ কথা ঘোষণা গ্ৰাম্য সাংবাদিক সন্থাৰ।
চাও দেবেন চৰণ বৰবৰুৱাৰ সোঁৱৰণী ‘চেনেহী অসমী বঁটা” সাপেখেতিৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী পবিত্ৰ মোহন ফুকন আৰু ৰাজেন শৰ্মা তামুলী সোঁৱৰণী বঁটা তিতাবৰৰ প্ৰবীণ সাংবাদিক,সাহিত্যিক প্ৰদীপ গগৈক আগবঢ়োৱা হব বুলি সংবাদমেল যোগে সদৰী কৰিছে গ্ৰাম্য সাংবাদিক সন্থাই।