নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আৰু APEDA উদ্যোগত সামৰ্থ্য বিকাশ সন্দৰ্ভত পৰ্যালোচনা

জিলা আয়ুক্ত নিবাৰণ দাস পাটোৱাৰীয়ে উপস্থিত থাকি জৈৱিক কৃষিৰ উৎপাদন, ব্যৱহাৰ আৰু ইয়াৰ উপকাৰীতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই

আজিৰ খবৰ, নলবাৰী, ২৬ ছেপ্টেম্বৰ, ২০২৫ : বৃহস্পতিবাৰে নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আৰু APEDA উদ্যোগত সামৰ্থ্য বিকাশ সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয় নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত। জিলা কৃষি বিষয়াই আদৰণি ভাষণ আগবঢ়োৱা উক্ত সভাত জিলা আয়ুক্ত নিবাৰণ দাস পাটোৱাৰীয়ে উপস্থিত থাকি জৈৱিক কৃষিৰ উৎপাদন, ব্যৱহাৰ আৰু ইয়াৰ উপকাৰীতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।জিলা আয়ুক্ত গৰাকীয়ে স্বাস্থ্য সন্মত জৈৱিক কৃষি পদ্ধতিৰ প্ৰতি কৃষক সকলক মনোনিৱেশ কৰিবলৈ অনুৰোধ জনাই। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে উপস্থিত থাকি APEDA ৰ গুৱাহাটী মহানগৰীৰ গবেষক বিষয়া বিদ্যুৎ বৰুৱাই APEDA ই কৃষক ৰাইজৰ সুবিধাৰ্থে বিভিন্ন সময়ত আগবঢ়োৱা কাম কাজ সন্দৰ্ভত কৃষক ৰাইজক অৱগত কৰে আৰু অনাগত দিনত APEDA ই কৃষক ৰাইজৰ সুবিধাৰ্থে কেনেদৰে কাম কৰি যাব সেইসন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰে। ড০ চাজু অধিকাৰীয়েও APEDA ৰ কাৰ্য্যক্ৰমনিকা সম্বন্ধে কৃষক ৰাইজ তথা প্ৰগতিশীল কৃষক, বিভিন্ন কৃষি উৎপাদন গোষ্ঠীৰ বিষয়াবৰ্গক সুন্দৰভাৱে বুজাই দিয়ে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত নিবাৰণ দাস পাটোৱাৰী, জিলা কৃষি বিষয়া প্ৰবীন মেধি, মহকুমা কৃষি বিষয়া ইমদাদ হুছেইন ঠাকুৰীয়া, ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে APEDA ৰ গুৱাহাটী মহানগৰীৰ গবেষক বিষয়া বিদ্যুৎ বৰুৱা, ড০ চাজু অধিকাৰী, কৃষি পৰিদৰ্শক প্ৰণব তালুকদাৰ, মিডিয়া বিশেষজ্ঞ হীৰক জ্যোতি শৰ্মা, প্ৰগতিশীল কৃষক, বিভিন্ন কৃষি উৎপাদন গোষ্ঠীৰ বিষয়াবৰ্গকে আদি কৰি বহুতো ব্যক্তি ।

Comments (0)
Add Comment