Your Voice, Our Strength

দেৱাংগনা কলিতাক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ আদালতৰ

দেবাংগনা কলিতাসহ নাটাশা নাৰৱাল,আছিফ ইকবালৰ জামিন মঞ্জুৰ

  1. আজিৰ খবৰ,গুৱাহাটী, ১৭ জুন:দেবাংগনা কলিতাসহ দুই শিক্ষাৰ্থীক  মুকলি কৰি দিবলৈ নিৰ্দেশ আদালতৰ। দিল্লীৰ এখন আদালতে উত্তৰ–পূব দিল্লীৰ হিংসাত্মক ঘটনাত অভিযুক্ত জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ আছিফ ইকবাল তনহা আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেৱাংগনা কলিতা আৰু নতাশা নৰৱালক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে। ২ দিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালায়ে দেবাংগনা কলিতাসহ নাটাশা নাৰৱাল,আছিফ ইকবালৰ জামিন মঞ্জুৰ কৰিছিল। উল্লেখ্য যে ২০২০ৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত দিল্লীত নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল এই শিক্ষাৰ্থীকেইগৰাকীয়ে। প্ৰতিবাদ হিংসাত্মক হৈ পৰাত ২০০ৰো অধিক লোক আহত হোৱাৰ লগতে ৫৩জন লোকৰ মৃত্যু হৈছিল । দিল্লী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (Unlawful Activities Prevention Act)ৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল।

P&C
You might also like