Your Voice, Our Strength

এইবাৰো অনুষ্ঠিত নহয় অম্বুবাচী মেলা৷

২২ জুনৰ দুপৰীয়া ২ বাজি ৬ মিনিট ২৯ ছেকেণ্ডত অম্বুবাচী প্ৰবৃত্তি

আজিৰ খবৰ,২১ জুন : এইবাৰো কামাখ্যাধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা৷ । অম্বুবাচীৰ প্রবৃত্তিৰ সময় ২২ জুনৰ দুপৰীয়া ২ বাজি ৬ মিনিট ২৯ ছেকেণ্ডত৷ নিবৃত্তিৰ সময় ২৬ জুনৰ পুৱতি নিশা ২ বজাতি ২৯ মিনিট ৯ ছেকেণ্ডত৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ অম্বুবাচীত ভক্ত–দর্শনার্থীসক মন্দিৰত পূজা অর্চনা আগবঢ়াব নোৱাৰিব৷ মহামাৰী কোভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পৰম্পৰাগতভাৱে বৈদিক ৰীতি–নীতিৰে অম্বুবাচীৰ পূজা অর্চনা কৰা৷মন্দিৰৰ মূল প্রৱেশদ্বাৰ ২২ জুনৰ দুপৰীয়া বন্ধ কৰি দিয়া হ’ব৷ নিবৃত্তিৰ শেষত পূজা অর্চনাৰ অন্ততঃ কামাখ্যা মন্দিৰৰ প্রৱেশদ্বাৰ খোলা হ’ব যদিও ভক্ত দর্শনার্থীয়ে পূজা অর্চনা আনবাৰৰ দৰে আগবঢ়াব নোৱাৰিব বুলি জানিবলৈ দিয়ে মন্দিৰৰ কৰ্তৃপক্ষই ।

P&C
You might also like