Your Voice, Our Strength

আজি গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কুর্মীয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান

আজিৰ খবৰ,২১জুন,গুৱাহাটী : মৃত্যুৰ সময়লৈকে কংগ্ৰেছত থাকিয়েই শেষ নিশ্বাস ত্যাগ কৰিম বুলি কোৱাৰ লগতে কিছু দিনৰ আগলৈকে প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে নিজকে যোগ্য বুলি দাবী কৰি অহা মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্রেছ নেতা ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছ ত্যাগ কৰি  আজি গেৰুৱা বসন পৰিধান কৰিলে৷ কংগ্রেছক দলটোকে বিদায় জনাই আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুকামুখত বিজেপিত যোগদান কৰে। ধেমাজিৰ NHPC প্ৰেক্ষাগৃহত বিজেপিত যোগদান কৰিয়েই কুৰ্মীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।ৰূপজ্যোতি কুৰ্মী৷ কুৰ্মীয়ে কয়, ‘‘কংগ্ৰেছ দল এতিয়া ভিজনহীন৷ দলে মূল কৰ্মীক গুৰুত্ব প্ৰদান নকৰে৷’’কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল, ‘‘ডেকাচামক আগুৱাই নিয়াৰ কোনো মানসিকতা নাই কংগ্ৰেছৰ। একাংশ নেতাকে ডাঙৰ ডাঙৰ পদবীবোৰ লাগে। কংগ্ৰেছ দলটোৱে ডেকা চামক নিবিচাৰে। যাৰ বাবে দলীয় নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈ কংগ্ৰেছ দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

P&C
You might also like