Your Voice, Our Strength

ধিং এক্সপ্ৰেছ হিমা দাসৰ অলিম্পিক যাত্ৰাৰ সপোন চূৰমাৰ।

ৰাষ্ট্রীয় চেম্পিয়নশ্বিপৰ ২০০ মিটাৰৰ অন্তিম মিনিটত ষষ্ঠ স্থানতে থমকিল স্বৰ্ণকন্যা হিমা দাস

গুৱাহাটী, ৩০ জুন:সপোন বাস্তৱ ন’হল হীমা দাসৰ।হিমা দাসৰ টকিঅ’ অলিম্পিকৰ সপোন চূৰমাৰ৷ৰাষ্ট্রীয় চেম্পিয়নশ্বিপৰ ২০০ মিটাৰৰ অন্তিম মিনিটত ষষ্ঠ স্থানতে থমকিল স্বৰ্ণকন্যা হিমা দাস।

 

টকিঅ’লৈ যোগ্যতা অৰ্জনৰ সময়সীমা আছিল ২২.৮০ ছেকেণ্ড৷২৫.০৩ ছেকেণ্ডতহে দৌৰ সম্পূৰ্ণ হিমাৰ৷আঘাতৰ বাবে ৪x১০০ মিটাৰ ৰীলেত অংশ নল’লে হিমাই৷

 

P&C

উল্লেখযােগ্য যে,পাটিয়ালাত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-৪ত অনুষ্ঠিত ২০০ মিটাৰ মহিলাৰ ফাইনেলত অসমৰ হিমা দাসে তামিলনাডুৰ এছ ধনলক্ষ্মীক পৰাস্ত কৰিছিল।অৱশ্যে, হিমাই তেতিয়াও টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল।

 

You might also like