Your Voice, Our Strength

পুনৰ খোল খাইছে এপিএছচি কেলেংকাৰী।

কেইবাজনো বিষয়াক জেৰাৰ বাবে তলব তদন্ত আয়োগৰ।

গুৱাহাটী, ২৯ জুন:পুনৰ চৰ্চালৈ আহিছে ৰাজ্য কঁপাই যোৱা অসম লোকসেৱা আয়োগৰ অনিয়মৰ প্ৰসংগ৷অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিৰ আন এক নতুন অধ্যায় মুকলি হোৱাৰ পথত৷

 

এইবাৰৰ প্রতিবেদনত সাক্ষাৎকাৰত নবহাকৈয়ে প্রার্থীক নম্বৰ দি উত্তীর্ণ কৰোৱা, উত্তৰবহীতকৈ টেবুলেশ্যন শ্বীটত অধিক নম্বৰ প্রদান কৰা আদি বিসংগতিবোৰ ধৰা পৰাৰ কথা পোহৰলৈ আহে৷এইবাৰ আৰক্ষীয়ে টেবুলেশ্যন শ্বীট, মার্কশ্বীট, স্ত্রুৄটিনী শ্বীটত চহী কৰা লোকসকলকো তদন্তৰ আওতালৈ আনিব৷

 

P&C

ইতিমধ্যে জেৰাৰ বাবে কেইবাজনো প্ৰাৰ্থীক তলব অসম লোকসেৱা আয়োগৰ তদন্ত আয়োগৰ৷তলব কৰা ৰাজপত্রিত বিষয়াসকলৰ ভিতৰত ঐশ্বর্য জীৱন বৰুৱা, হেমেন দাস, ভাস্কৰ ওজা, স্বৰূপ কুমাৰ ভট্টাচার্য, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, নন্দিনী কাকতি, পুষ্কল গগৈ, দীপ্তি মালী, যুৱৰাজ বৰঠাকুৰো থকা বুলি জানিব পৰা গৈছে৷

 

তলব কৰা প্রার্থীসকলৰ ভিতৰত এজন প্রাক্তন ডি আই জিৰ পুত্র আৰু এজন সাংবাদিকৰ দুজন আত্মীয় থকা বুলিও জানিব পৰা গৈছে৷ইতিমধ্যে আদালতে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আৰক্ষীক অনুমতিও প্রদান কৰিছে৷

 

উল্লেখযোগ্য যে ২০১৩-১৪ বর্ষ দুটাৰ তিনি শতাধিক পৰীক্ষার্থীৰ উত্তৰ বহী পুনৰীক্ষণ কৰা হ’ব৷ ইয়াৰে ২০২ খন ২০১৩ বর্ষৰ আৰু ১৫৯ খন ২০১৪ বর্ষৰ৷ লক্ষণীয় যে ২০১৩ বর্ষত মুঠ ২৪১জন প্রার্থী উত্তীর্ণ হৈছিল৷

 

তাৰে জালিয়াতি কৰি চাকৰি লোৱাৰ বাবে যোৱাবাৰ ৩৯জনক গ্রেপ্তাৰ কৰা হৈছিল৷আনহাতে ২০১৪ বর্ষত ১৮০জন প্রার্থী উত্তীর্ণ হৈছিল৷ তাৰে জালিয়াতি কৰি চাকৰি লোৱাৰ বাবে ২১জনক গ্রেপ্তাৰ কৰা হৈছিল৷

 

You might also like