Your Voice, Our Strength

দোষমুক্ত হ’ল কাৰাবন্দী অখিল গগৈ

অৱশেষত মুকলি আকাশৰ তলত বিধায়ক অখিল গগৈ

আজিৰ খবৰ,১জুলাই: অৱশেষত আহিল ভাল খবৰটো । মুকলি আকাশৰ তললৈ আহিল অখিল গগৈ । সকলো গোচৰৰ পৰা মুক্ত কৰা হৈছে অখিল গগৈক। চানমাৰি থানাৰ গোচৰৰ চাৰিওজন অভিযুক্তকে দোষমুক্ত। বৃহস্পতিবাৰে অখিল গগৈক চানমাৰি থানাৰ গোচৰতো দোষমুক্ত ঘোষণা NIA আদালতে৷ আজি পুৱাৰ ভাগত অখিল গগৈক এন আইৰৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে এনআইৰ অধিবক্তাৰ শুনানি গ্ৰহণৰ পাছতে অখিল গগৈৰ ওপৰত অভিযোগ কৰা গোচৰৰ পৰা দোষমুক্ত কৰে । ইয়াৰ পূৰ্বে চাবুৱা থানাৰ গোচৰত অভিযোগমুক্ত হৈছিল অখিল গগৈ। NIA আদালতে অভিযোগ মুক্ত কৰিছিল অখিল গগৈসহ আন দুজনক। জানিব পৰা মতে, জিএমচিএইচৰ পৰাই মুক্ত হ’ব অখিল গগৈ। কাৰাগাৰ কৰ্তৃপক্ষই মুক্তিৰ নিৰ্দেশ দিলেই মুকলি হ’ব শিৱসাগৰৰ বিধায়কগৰাকী।  দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আদালতৰ পৰা ওলাই অহাৰ পিছত কয় যে, ভাৰতীয় ন্যায় ব্যৱস্থাই তেওঁলোকৰ স্বাধীনতা আৰু স্বতন্ত্ৰতা প্ৰমাণ কৰিলে। এই জয় গণতন্ত্ৰৰ জয়, ৰাইজৰ জয়। এনে ঐতিহাসিক ঘটনা মই জনাত ভাৰতীয় ন্যায় ব্যৱস্থাত পূৰ্বতে কেতিয়াও ঘটা নাই।’ন্যায় ব্যৱস্থাকো ধন্যবাদ জনাই শিৱসাগৰ বিধায়ক অখিল গগৈয়ে । অন্যহাতে অখিল গগৈক নিয়াৰ আদালতে দোষমুক্ত কৰাৰ পাছত চচিয়েল মিডিয়াত পত্নী গীতাশ্ৰী তামুলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।ফেইচবুকত এটা পষ্ট দি পত্নী গীতাশ্ৰী তামুলীয়ে লিখিছে যে, এয়া গণতন্ত্ৰৰ বাবে শুভ বাৰ্তা।ন্যায়পালিকাৰ স্বতন্ত্ৰতা সাব্যস্ত হ’ল।গণতন্ত্ৰৰ বাবে শুভ বাৰ্তা।অভিনন্দন গণতন্ত্ৰ!

P&C
You might also like