Your Voice, Our Strength

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ নকৰে NSG নিৰাপত্তা

চিআৰপিএফৰ ওপৰতে নিৰাপত্তাৰ দায়িত্ব।

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ নকৰে এনএছজি নিৰাপত্তা।মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব এনএছজিৰ সলনি চিআৰপিএফৰ ওপৰতে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।কেন্দ্ৰীয় গৃহ দপ্তৰৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।অসমৰ আইন-শৃংখলা পৰিস্থিতি এতিয়া যথেষ্ট উন্নত।সেয়ে চিআৰপিএফে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তা নিশ্চিত কৰিব।

 

২০১৭ চনৰে পৰাই ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত চিআৰপিএফ নিয়োজিত হৈ আছে।দেশৰ সংকটপূৰ্ণ পৰিস্থিতিত ব্যৱহাৰৰ বাবেহে এনএছজি গঠন কৰা হৈছিল।এনএছজিৰ কাম হৈছে সংকটৰ সময়ত বিশেষকৈ সন্ত্ৰাসবাদী আদিৰ আক্ৰমণত দেশক সুৰক্ষা দিয়া।উল্লেখযোগ্য যে,কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিভিআইপিৰ Z+ কেটেগৰীৰ নিৰাপত্তাত নিয়োজিত ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডক ভিভিআইপিৰ নিৰাপত্তাৰ পৰা আঁতৰাই দেশৰ নিৰাপত্তাত নিয়োজিত কৰাৰ পোষকতা কৰিছিল।

 

P&C

সেইবাবেই ভিভিআইপিৰ নিৰাপত্তাৰ পৰা এনএছজি আঁতৰ কৰাৰ পোষকতা কৰা হৈছিল।আনকি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰাপত্তাত নিয়োজিত এনএছজিও প্ৰত্যাহাৰ কৰি তাৰ ঠাইত চিআৰপিএফ মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

 

You might also like