Your Voice, Our Strength

বিৰুবালা ৰাভাৰ কাষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান

আজিৰ খবৰ,১০ জুলাই : ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে অমোঘ যুদ্ধ ঘোষণাৰে সমাজক সচেতন কৰা পদ্মশ্ৰী বীৰুৱালা ৰাভা যোৱা কিছুদিন ধৰি অসুস্থ হৈ চিকিৎস্যাধীন হৈ আছে । নিৰলসভাৱে এক শক্তিশালী অভিযান চলোৱা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত আজি উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
পদ্মশ্ৰী বিৰুবালা ৰাভাৰ চিকিৎসাৰ বাবে সহায় হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে অমোঘ যুদ্ধ ঘোষণাৰে সমাজক সচেতন কৰাৰ বাবে পদ্মশ্ৰী বীৰুৱালা ৰাভাই নিৰলসভাৱে এক শক্তিশালী অভিযান চলাই আহিছে৷ ‘মিশ্যন বীৰুৱালাৰ’ জৰিয়তে তেখেতে বহু জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ মই আজি তেখেতৰ স্বাস্থ্যৰ বুজ ল’বলৈ গোৱালপাৰাস্থিত তেখেতৰ বাসগৃহত উপস্থিত হওঁ৷ আজি কিছুদিন ধৰি তেখেতৰ স্বাস্থ্য ভাল নহয়৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেখেতৰ উন্নত চিকিৎসাত সহায়ক হোৱাকৈ ১ লাখ টকাৰ এখন চেক প্ৰদান কৰোঁ৷ তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ, যাতে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে তেখেতে পুনৰ অমোঘ সংগ্ৰাম চলাই যাবলৈ সক্ষম হয়৷“ মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ কালত তেওঁক সংগ দিয়ে মন্ত্ৰী বিমল বৰা, ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু গোৱালপাৰা জিলাৰ বিধায়কসকলে।

P&C
You might also like