Your Voice, Our Strength

বটদ্ৰৱাৰ ওপৰ-ডুমডুমীয়াত গাঞ্জা জব্দ

আজিৰ খবৰ, বটদ্ৰৱা, ১০ জুলাই : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ওপৰ-ডুমডুমীয়াৰ পৰা আজি বটদ্ৰৱা আৰু ডুমডুমীয়া আৰক্ষীয়ে প্ৰায় চাৰি কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এজন ব্যক্তিয়ে ই-ৰিক্সাৰে গাঞ্জা খিনি ডুমডুমীয়াৰ পৰা বটদ্ৰৱা অভিমুখে আহি থকা অৱস্থাত এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই । আৰক্ষীৰ উমান পাই গাঞ্জা খিনি এৰি ব্যক্তজন পলায়ন কৰে যদিও আৰক্ষীয়ে গাঞ্জা খিনি জব্দ কৰিবলৈ সক্ষম হয় । গাঞ্জা সৰবৰাহকাৰী জনৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে ।

P&C
You might also like