Your Voice, Our Strength

মাছৰ উৎপাদন ৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ বাবে স্থাপন কৰা হব “জিন বেংক”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাছক এক সম্পদ হিচাপে স্বীকৃতি দিয়াটো মৎস্য পালকসকলৰ বাবে গৌৰৱ বিষয়

আজিৰ খবৰ , ৰহা, ১০ জুলাই: শনিবাৰে নগাওঁ জিলাৰ ৰহাত অৱস্থিত জঙল বলহু মীন পামত ২১ সংখ্যক ৰাষ্ট্ৰীয় মৎস্য পালক দিৱস জাকজমকতাৰে উদযাপিত হয়।অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মৎস্যপালন ব্যৱসায়ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নিৰ্বাচিত প্ৰগতিশীল মীনপালকসকলক সম্বৰ্ধনা জনোৱা হয়।

P&C

মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য , পূৰ্ব-প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ কাৰ্যকালতহে মীনখণ্ডই সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাছক এক সম্পদ হিচাপে গণ্য কৰাটো সমগ্ৰ দেশৰ মাছ পালকসকলৰ বাবে অত্যন্ত গৌৰৱ তথা সন্তুষ্টিৰ বিষয়। “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বাধিক অগ্ৰাধিকাৰ লাভ কৰা মীনক্ষেত্ৰ পূৰ্বৰ নিচিনাকৈ অৱহেলাৰ পাত্ৰ নহয়।“ তেওঁ লগতে মন্তব্য কৰে যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যখনৰ বিশাল জল-ভাণ্ডাৰৰ ব্যৱহাৰৰ দ্বাৰা মৎস্য উৎপাদন অধিকতম কৰিবলৈ সন্মিলিত প্ৰচেষ্টা কৰি আহিছে।

শুক্লবৈদ্যই মীনপালকসকলক ৰাজ্য তথা সমগ্ৰ দেশৰ খাদ্য আৰু পুষ্টি নিশ্চিত কৰা দিশত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে প্ৰশংসা কৰে। “মই ৰাজ্যৰ মৎস্যপালকসকলক আন্তৰিক শুভেচ্ছা দিছোঁ। আমাৰ যুৱসমাজকো আগুৱাই আহি মীনপালনক এক লাভজনক উদ্যোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।“ মন্ত্ৰীয়ে কৃষকসকলক দেশৰ খাদ্য-সম্ভাৰত সৰ্বোচ্চ গুণসম্পন্ন প্ৰটিন সংযোজন কৰাৰ বাবে ধন্যবাদ জনায়।

মৎস্যপালকসকলৰ অতুলনীয় কষ্ট আৰু অধ্যৱসায়ক স্বীকাৰ কৰি শুক্লবৈদ্যই বায়’ফ্লক আৰু কেজ কালচাৰৰ দৰে শেহতীয়া প্ৰযুক্তিসমূহ আঁকোৱালি লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।

শুক্লবৈদ্যই প্ৰকাশ কৰে যে ২০১৬ চনৰ পৰাই মীনখণ্ডত নিৰৱচ্ছিন্ন অগ্ৰগতি লাভ কৰি মাছৰ উৎপাদন ৩.৯৩ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। তেওঁ আশা ব্যক্ত কৰে যে জিন বেংক স্থাপনৰ দ্বাৰা যাৰ বাবদ চৰকাৰে ১০ কোটি টকা ব্যয় কৰিব, অসমত মাছৰ উৎপাদন ৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাব।

তেখেতে কয় যে কোভিড লকডাউনৰ বাবে ৰাজ্যলৈ উভতি অহা বহুতো যুৱকে চৰকাৰী সাহায্যত ব্যক্তিগত আৰু ৰাজহুৱা পুখুৰীত মীন পালন কৰিছে। “ ১২০০০ ব্যক্তিগত আৰু ৰাজহুৱা পুখুৰীৰ ভিতৰত ১০০০০ পুখুৰী নিৰ্মাণ কৰা হৈছে।“

মন্ত্ৰীয়ে ভাৰতত নীল বিপ্লৱ আৰম্ভ কৰাৰ ক্ষেত্ৰত ড০ হীৰালাল চৌধুৰীৰ অৱদান ইনদিউচদ্‌ প্ৰজনন পদ্ধতিৰ ভূমিকাৰ বিষয়ে ব্যক্ত কৰে। ১৯৫৭ চনৰ ১০ জুলাইত চৌধুৰীয়ে সফলভাৱে ভাৰতীয় মেজৰ কাৰ্প প্ৰজাতিৰ মাছসমূহৰ ক্ষেত্ৰত হাইপফাইছেচন প্ৰক্ৰিয়া প্ৰদৰ্শন কৰিছিল।

 

উদ্ভাৱনী প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা মৎস্যখণ্ডৰ বহনক্ষম বিকাশৰ বাবে মীনপালনত জড়িত ব্যক্তিসকলক নিয়মিয়াকৈ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে শুক্লবৈদ্যই। এই উপলক্ষ্যে মীনপালকসকলক শুভেচ্ছা জনাই নগাওঁ জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভনে কয় যে জিলাখনৰ মীনখণ্ডই উন্নয়নৰ দিশে দীঘলীয়া জাঁপ মাৰিছে আৰু মৎস্য উৎপাদনৰ ক্ষেত্ৰত ইতিমধ্যেই আত্ম-নিৰ্ভৰ হৈছে। “ ২৫ শতাংশ মাছেই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৱৰ অন্য ৰাজ্যলৈ ৰপ্তানি কৰা হয়।“- তেখেতে লগতে সংযোজন কৰে যে নগাওঁ জিলাই বিগত বৰ্ষৰ বিশ্ব মীন দিৱসত সমগ্ৰ ৰাষ্ট্ৰত ভিতৰতে শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰিছিল।তেখেতে কয় যে উৎপাদন আৰু আয় বঢ়াবৰ কাৰণে পালকসকল বায়’ফ্লকৰ নিচিনা শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। পদ্মনাভনে কয় যে জিলাখনত মাছৰ দানাৰ মিল স্থাপনে পৰিবহন ব্যয় হ্ৰাস কৰি মীনখণ্ডক সবল কৰিব।

You might also like