Your Voice, Our Strength

নৰপিশাচ চৈয়দ আলীয় ওৰফে পাঠাৰ স্বীকাৰোক্তি

বলৎকাৰ কৰি মই হত্যা কৰিছিলোঁ কণমানিক

আজিৰ খবৰ,১১ জুলাই: ভূৰাগাঁৱৰ ধর্ষণ–হত্যাকাণ্ডৰ অভিযুক্ত বর্বৰ পাঠা ওৰফে চৈয়দ আলীয়ী সাংবাদিকৰ সন্মুখত জঘন্য কাণ্ড কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্রতিভ লাল বৰুৱাৰ নেতৃত্বত দণ্ডাদীশ মৈত্রী মৰাণৰ উপস্থিতিত ভূৰাগাঁও আৰক্ষী থানাৰ পৰা প্রায় তিনি শতাধিক সুসজ্জিত আৰক্ষীৰ দলে নৰপিশাচ পাঠাক ঘটনাৰ পুনৰ দৃশ্যায়ন কৰা পাছতে ঘটনাস্থলীত নৰপিশাচ চৈয়দ আলীয়ে সাংবাদিকৰ আগত এই জঘন্য কাণ্ডৰ কথা স্বীকাৰ কৰে ।

উল্লেখ্য যে যোৱা ২০ জুনত মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তর্গত বালিডোংগাত এগৰাকী ৯ বছৰীয়া কণমানিয়ে পুৱা ৯ বজাত নিজৰ পোহনীয়া চৰাইৰ বাবে জামু বিচাৰি নৰপিশাচ চৈয়দ আলীৰ চোতাললৈ আহিছিল৷ সুযোগ গ্ৰহণ কৰি নৰপিশাচটোৱে কণমানিক ধর্ষণ আৰু হত্যা কৰি মৰাপাট খেতিত পেলাই দিছিল । আবেলিলৈ কণমানিজনীৰ মৃতদেহ মৰাপাট খেতিত উদ্ধাৰ হৈছিল৷ প্রথমাৱস্থাত এই জঘন্য কাণ্ড সংঘটিত কৰা অপৰাধীক কৰায়ত্ত কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাছিল যদিও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই জঘন্য ঘটনাৰ লগত জডিত নৰপিশাচক শীঘ্রে গ্রেপ্তাৰ কৰিবলৈ আৰক্ষী প্রশাসনক নির্দেশ দিয়াৰ ৪৮ ঘণ্টাৰ ভিতৰত এই ঘটনাৰ মূল অভিযুক্ত চৈয়দ আলী ওৰফে পাঠাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ জেৰাত নৰপিশাচ চৈয়দ আলী ওৰফে পাঠাই এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ উল্লেখ্য কালি ঘটনাৰ সবিশেষ পুনৰ দৃশ্যায়ন কৰাৰ বাবে চৈয়দক বালিডোংগালৈ অনা হয়৷ আৰক্ষীয়ে কিশোৰীজনীসদৃশ পুতলাৰ জৰিয়তে জঘন্য ঘটনাটোৰ পুনৰ দৃশ্যায়ন কৰে৷ কেনেদৰে ঘটনাটো সংঘটিত কৰিছিল সবিশেষ বর্ণনা দিয়ে চৈয়দে ।পাঠাই শিশুটিক পিছফালৰ পৰা ধৰি হত্যা কৰি কাষতে থকা মৰাপাট খেতিত কেনেদৰে বলাৎকাৰ কৰিছিল৷ সম্পূৰ্ণ বৰ্ণনা দিয়ে সাংবাদিকক । শিশুটিৰ জানাজাতো অংশগ্রহণ কৰা নৰপিশাচটোৱে বালিডোংগালৈ অনাৰ সময়ত মৰিগাঁৱৰ গছৰগুৰিত শৌচ কৰাৰ ছলেৰে পলায়ন কৰিব বিচাৰোঁতে আৰক্ষীৰ গুলীত আহটো হৈছিল।

P&C

মাদ্রাছাৰ শিক্ষক আৰু মছজিদত ইমামতি কৰা নৰপিশাচৰ এনে অমানৱীয় কাণ্ডক বাৱে চৈয়দ আলীক অতি শীঘ্রে ফাঁচি দিয়াৰ দাবী তোলে স্থানীয় ৰাইজে৷

You might also like